নিজ সন্তানক চাবলৈ দিব লাগে ৩০ হাজাৰ ! ধন নিদিয়াৰ বাবেই জোঁৱায়েকক বৰ্বৰ ভাৱে হত্যা কৰিলে শহুৰেকে...

author-image
Asomiya Pratidin
New Update
নিজ সন্তানক চাবলৈ দিব লাগে ৩০ হাজাৰ !  ধন নিদিয়াৰ বাবেই জোঁৱায়েকক বৰ্বৰ ভাৱে হত্যা কৰিলে শহুৰেকে...

nagaon

ডিজিটেল সংবাদ নগাঁও: নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ৩০ হাজাৰ টকা আদায় নিদিয়াৰ বাবেই জোঁৱায়েকক বৰ্বৰতাৰে হত্যা কৰে শহুৰেকে । নগাঁৱৰ ৰাঙলুৰ গড়েহাগীত সংঘটিত হৈছে এই ঘটনা ।

শহুৰৰ ঘৰৰ নৃশংসতাৰ বলি হোৱা এই দুৰ্ভগীয়া জোঁৱাইজন হৈছে নগাঁও চহৰৰ মধুপুৰ কদমতলৰ ছাদিকুল ইছলাম । নগাঁৱৰ ২৪ বছৰীয়া যুৱক ছাদিকুলে তেওঁৰ পত্নীৰ এটি কন্যা সন্তান জন্ম হোৱাৰ বাবে যোৱা ৩০ অক্টোবৰত গৈছিল ৰাঙলুৰ গড়েহাগীস্থিত শহুৰৰ ঘৰলৈ।

কিন্তু নিজ সন্তানৰ মুখ চাবলৈ যোৱা জোঁৱায়েকক শহুৰেকে দাবী কৰিলে নগদ ৩০ হাজাৰ টকা আদায় দিবলৈ । সন্তান জন্ম হোৱাৰ বাবে চিকিৎসালয়ৰ খৰছ হিচাপে এই ধনৰাশি আদায় দিবলৈ জোঁৱায়েকক প্ৰদান কৰিছিল ভাবুকিও ।

যাৰবাবে দিন হাজিৰা কৰি পেটে-ভাতে খাই চলি থকা জোঁৱায়েকে শহুৰেকক আদায়ো দিছিল ৭ হাজাৰ টকা । কিন্তু সমুদায় ধন আদায় নিদিয়াৰ বাবেই শহুৰেক আব্দুল মতিনে মফিদুল আৰু ছহিদুল নামৰ দুজনৰ সহযোগত মাৰপিট কৰি গুৰুতৰভাৱে জখম কৰে জোঁৱায়েক ছাদিকুল ইছলামক ।

সংকটজনক অৱস্থাত ছাদিকুলক নিশাই নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে নগাঁৱৰ মধুপুৰ কদমতলৰ ছাদিকুল ইছলামে । বৃহস্পতিবাৰে বিয়লি স্থানীয় ৰাইজৰ সহযোগত মধুপুৰত জানাজা সম্পন্ন কৰা হয় ২৪ বছৰীয়া ছাদিকুল ইছলামৰ ।

ইপিনে ছাদিকুলৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰাঙলু আৰক্ষীয়ে ১২৬৬/২২ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰে তিনি অভিযুক্ত আব্দুল মতিন, মফিদুল আৰু ছহিদুলক । নগাঁৱৰ ৰাঙলুৰ এই ঘটনাই এতিয়া স্তম্ভিত কৰি তুলিছে সকলোকে ।

nagaon assam