/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-17/7fyx0gmi/MUR MOT.jpg)
৭৮ বছৰ হ'ল দেশ স্বাধীন হোৱা। স্বাধীনতাই আমাক কি দিলে? স্বাধীন হৈ আমি কি পালো আৰু কি নাপালো? সেই খতিয়ান আমি সৰ্বসাধাৰণৰ পৰা লৈছো জানো কেতিয়াবা? অসমীয়া প্ৰতিদিন ডিজিটেলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছিল আপোনাৰ মত প্ৰকাশৰ এই যাত্ৰা। বিষয় আছিল- 'স্বাধীনতাৰ ৭৮ বছৰৰ পোৱা নোপোৱাৰ খতিয়ান'। বহুজনে ইতিমধ্যে ইয়াৰ প্ৰতি সহাৰি জনাই প্ৰেৰণ কৰিছে তেওঁলোকৰ অনুভৱ। আজি মোৰ মতত নিৰ্বাচিত দ্বিতীয়টো লেখা। এই লেখা ছিপাঝাৰ, দৰঙ দেৱানন্দ সত্ৰৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰিছে গৌতমানন্দ গোস্বামীয়ে...
বিশ্বৰ বন্দিত দেশ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস। ১৫ আগষ্টত সমগ্ৰ দেশজুৰি আড়ম্বৰপূৰ্ণ ভাৱে পালন কৰা হ'ব এই স্বাধীনতা দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ভাৰতবৰ্ষৰ জনতাই পৰাধীনতাৰ পৰা মুক্তি লাভ কৰি মুক্ত বিহঙ্গ ৰূপে স্বাধীনতা দিৱস পালন কৰি আহিছে। একেদিনাই বৃহত্তৰ ভাৰতবৰ্ষৰ পাকিস্তানেও স্বাধীনতা লাভ কৰাৰ বিৰল মুহূৰ্তৰ সাক্ষী সমগ্ৰ বিশ্ব। এটা সময়ৰ অভিন্ন অংগ পাকিস্তান আৰু পূব পাকিস্তান (আজিৰ বাংলাদেশ) আজিৰ প্ৰেক্ষাপটত অনাহূত পৰিস্থিতিৰ পাকচক্ৰত আৱদ্ধ।
দেশৰ জনতাই বিগত ৭৬ বছৰৰ কোনো কোনো মুহূৰ্তত আশংকাৰ মাজত স্বাধীনতা দিৱস পালন কৰি আহিছে। জম্মু - কাশ্মীৰ, পঞ্জাৱ, উত্তৰ- পূৰ্বাঞ্চল আৰু দেশৰ কিছু অংশত স্বাধীনতা দিৱসৰ আনন্দ কেতিয়াবা বেদনাদায়ক আৰু দেশৰ বেছিভাগ অংশ আনন্দ মুখৰ হৈ থকা দেখা যায়। দেশে স্বাধীনতা লাভ কৰাৰ কোনোবা খিনিত থকা ত্ৰুটিৰ বাবে হয়তো দেশৰ জনতাক আশংকাত ভোগা দেখা যায়। উত্তৰ- পূৰ্বাঞ্চল বিশেষকৈ অসমকে ধৰি কেবাখনো ৰাজ্যত এসময়ত গা কৰি উঠা বিচ্ছিন্নতাবাদ, অন্য দেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনৰ সমস্যা আদিয়ে আকাংক্ষিত স্বাধীনতা লাভৰ পৰা আনন্দিত হ'লেও অনাকাংক্ষিত সমস্যাৰ উপস্থিতিৰে ভাৰাক্ৰান্ত জনতাক আতংকিত কৰি তোলা দেখা যায়।
স্বাধীনতা অৰ্জনত থকা অনাকাংক্ষিত কেৰোণৰ বাবে হয়তো কোনো কোনো প্ৰান্তত অস্থিৰতাই বিৰাজ কৰা পৰিলক্ষিত হয়। বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই হয়তো এই স্বাধীনতা প্ৰাপ্তিৰ বিৰোধিতা কৰি কৈছিল -- ' ইয়ে আজাদী ঝুথা হেই'। পৃথিৱীৰ সৰ্ববৃহৎ জনবহুল দেশ ভাৰতবৰ্ষৰ গৰিমামণ্ডিত স্বাধীনতা দিৱস শংকা বিহীন ভাৱে জনতাই পালন কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হয়। ধৰ্মীয় আৱেগৰ ফলত এনে হোৱাৰ ইঙ্গিত নথকা নহয়। বিচ্ছিন্নতাবাদ আৰু ধৰ্মীয় আৱেগ বৰ্জিত পৰিৱেশৰ বুনিয়াদ গঢ়ি উঠাটো অতিকৈ গুৰুত্বপূৰ্ণ দিশ হিচাপে গণ্য কৰা হয়।
একেদৰেই পাকিস্তান আজিও অস্থিৰ। ধৰ্মৰ ভিত্তিত পাকিস্তানৰ অস্থিৰতাই ভাৰতবৰ্ষৰ বিশষতঃ সীমান্ত অঞ্চল অস্থিৰ কৰি ৰাখিছে। জম্মু - কাশ্মীৰ আজিও অস্থিৰ, অশান্ত। বৃটিছ ষড়যন্ত্ৰৰ পোষ্যপুত্ৰ পাকিস্তান আৰু পূব পাকিস্তান (বাংলাদেশ) ত ধৰ্মীয় উন্মাদনা, বিচ্ছিন্নতাবাদ ভাৰতবৰ্ষৰ বাবে একপ্ৰকাৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে। ভাৰতবৰ্ষতো ধৰ্মৰ দোহাই দি একাংশ শাসক পক্ষই ধৰ্মীয় মেৰুকৰণৰ পিনে ধাৱমান হোৱা প্ৰত্যক্ষ হৈছে। সংখ্যালঘু সুৰক্ষিত যদিও একাংশ নেতাৰ বক্তব্যই ধৰ্মীয় উন্মাদনা বৃদ্ধি কৰা আৰু তাৰ ফলশ্ৰুতিত অস্বস্তিবোধ- পৰিৱেশ সূচনা কৰা দেখা যায়।
১৯৭১ চনত স্বাধীনতা লাভ কৰা বাংলাদেশৰ শেহতীয়া অৱস্থা উদ্বেগজনক। ১৫ বছৰে শাসন চলোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই দেশ এৰি পলায়ন কৰাৰ পিছত বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতি ভাৰতৰ বাবেও চিন্তাৰ কাৰণ। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ প্ৰবাদ পুৰুষ শ্বেখ মুজিবৰ ৰহমান, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ প্ৰভৃতি লোকৰ আৱক্ষ মূৰ্তিত চলা বৰ্বৰোচিত আক্ৰমণ, সংখ্যালঘু হিন্দু আৰু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণ গুৰুত্বপূৰ্ণ বিষয়।
ভাৰত-বাংলাদেশ সীমান্তত হিন্দু বাংলাদেশী একাংশই ভাৰতৰ আশ্ৰয় বিচাৰি অৱস্থান কৰিছে। ভাৰত চৰকাৰে আপেক্ষিকভাৱে হিন্দুত্বক প্ৰাধান্য দিয়াৰ ফলত এনে অৱস্থাই বিৰাজ কৰিছে। আনকি একাংশ শৰণাৰ্থী হ'বলৈ সীমান্তত বাহৰ পতা হিন্দু বাংলাদেশীয়ে " জয় শ্ৰীৰাম" ধ্বনি দি আৱেগৰ সৃষ্টি কৰাও পৰিলক্ষিত হৈছে।
ধৰ্মীয় আৱেগ আমাৰ ৰাজ্যতো বৃদ্ধি পাব আৰম্ভ কৰিছে। বাংলাদেশ প্ৰসঙ্গত মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই অসমতো ক্ষুদ্ৰ ক্ষুদ্ৰ বাংলাদেশৰ সৃষ্টি হৈছে বুলি কৈছে। গণতান্ত্ৰিক চৰকাৰৰ মুৰব্বী গৰাকীৰ এনে মন্তব্য সচেতন মহলে সহজভাৱে ল'ব পৰা নাই। এনে মন্তব্যৰ ফলত ৰাজ্যখনত ধৰ্মীয় উন্মাদনাই দেখা দিব পাৰে। বাংলাদেশৰ দৰে ধৰ্মীয় উত্তেজনা অসমত সৃষ্টি হ'বলৈ হ'লে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গ'লে আচৰিত হ'বলগীয়া নাথাকিব। বৰাক উপত্যকাৰ পৰা ৰাজ্য ভাষা অসমীয়া প্ৰায় নিশ্চিহ্ন হোৱাৰ উপক্ৰম।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিছু সংখ্যক স্থানত অসমীয়া ভাষা এলাগী হোৱাৰ উপক্ৰম হৈছে। ক্ষুদ্ৰ ক্ষুদ্ৰ বাংলাদেশৰ সৃষ্টি হৈছে জাতীয় মন্তব্যই কিন্তু প্ৰকাৰন্তৰে অসমীয়া ভাষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। সততে হিন্দু হিন্দু বুলি ধৰ্মীয় মেৰুকৰণৰ দিশত খোজ দি থাকিলে জাতিটোৰ প্ৰতি হোৱা বৃহৎ ক্ষতিৰ দায়িত্ব কোনে গ্ৰহণ কৰিব সেয়া গুৰুত্বপূৰ্ণ বিষয়। আনহাতে বাংলাদেশ সীমান্তৰ কিছু সংখ্যক কট্টৰ হিন্দুত্ব বাদীয়ে বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা লোকক সাহায্য কৰিবলৈ বাংলাদেশ অভিমুখে যাত্ৰা কৰা প্ৰচাৰিত বাতৰিয়ে অশনি সংকেত কঢ়িয়াব পাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us