নতুন সময় হওক সৃজনীশীল চেতনাৰ বৰ্ষ

নতুন সময় হওক সৃজনীশীল চেতনাৰ বৰ্ষ
নতুন সময় হওক সৃজনীশীল চেতনাৰ বৰ্ষ
নতুন বছৰত নতুন পণ। এতিয়া সময় ভাষা, সংস্কৃতি ৰক্ষাৰ পণ লোৱাৰ। ধাৰাবাহিক ভাৱে অসমীয়া ভাষালৈ নামি অহা সংকট, অসমীয়া ভাষা আৰু শিক্ষানুষ্ঠানকলৈ সৃষ্টি হোৱা ষড়যন্ত্ৰক উফৰাই পেলোৱাৰ সময়। এনে এক আহ্বানেৰেই নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, সাংবাদিক, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ এই লেখা 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল।

সৃষ্টি চৈতন্য এটা যাৰ বুকুত নিৰবধি প্ৰবাহিত সেই মানুহে জাতি আৰু সমাজৰ অন্যায় হোৱাটো নিবিচাৰে। সময়ৰ কোবাল সোঁতে তেওঁক খুন্দিয়াই, সততাৰ ওপৰত ভিত্তিহীন প্ৰশ্ন উত্থাপন হয় কিন্তু তেওঁ উভালি নপৰে।

আজি আমাৰ মৰমৰ মাতৃভাষাটোৰো সৃষ্টিশীলতাৰ যাত্ৰাত কিছু যতি আহি পৰা পৰিলক্ষিত হৈছে । অক্টোপাছৰ কালপাশত ক্ৰমান্বয়ে সোমাই পৰিছে মৌমিঠা অমিয়া মাত। সেয়েহে তাক উদ্ধাৰিবলৈ, জয়ধ্বজা উৰুৱাবলৈ সন্মুখৰ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সংকল্প হওক নতুন বৰ্ষ।

মাতৃভাষা যদি হেৰাই যায়, চৰ্চা সংকুচিত হয়, সেই ভাষাত সৃষ্টিশীল শিল্প -সাহিত্য- সংস্কৃতিৰ বিকাশত বাধা আহে তেনে জাতি এটাৰ অস্তিত্ব বিলুপ্ত হ'বলৈ বেছি দিন অপেক্ষা কৰিব নেলাগে । কিন্তু আমি ধ্বংসৰ প্ৰতীক্ষা কৰিবলৈ মানৱী জনম লোৱা নাই।

আমাৰ দায়িত্ব সৃষ্টিৰ অবিৰত সাধনাৰে সুন্দৰ সমাজ নিৰ্মাণ। তাৰ পৰিপ্ৰেক্ষিতত সকলোৰে বুকুৱে বুকুৱে ৰোপন কৰিব লাগিব সৃষ্টিশীলতাৰ কিশলয় । আজি প্ৰত্যক্ষ কৰিছো মাতৃভাষাৰ জয়জয়কাৰ হৈ থকা চৰকাৰী প্ৰাথমিক, উচ্চ মাধ্যমিক বিদ্যালয়, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়সমূহৰ এতিয়া নাজল নাথল অৱস্থা ।

কোনদিনা কোনখন শিক্ষা প্ৰতিষ্ঠান বন্ধ হয়, কোনখন বিলুপ্ত হৈ সংযোজিত হয় আন এখনৰ লগত তাৰ নিশ্চয়তা নাই ! অথচ এনে শিক্ষানুষ্ঠানত বহুতো প্ৰতিভাশালী, প্ৰতিশ্ৰুতি সম্পন্ন বিদ্যাৰ্থী আছে, যিয়ে নিপুণতাৰ স্বাক্ষৰ বহন কৰি থকা শ্বাশ্বত কথাটোৰ আমাৰ দৰে পৰিভ্ৰমী পথিক নীৰৱ সাক্ষী।

এতিয়া এইসকল নিপুণ গৃহহাৰা হোৱাৰ বেদনাত বেদনাহত। দগ্ধ হৃদয়, বিষাক্ত নাগপাশত অৱৰুদ্ধ জীৱন। বিগত সময়চোৱাত আমি অতিথি ৰূপে ভ্ৰমণ কৰা চৰকাৰী শিক্ষানুষ্ঠান আছিল বাক্সা জিলাৰ দেৱচাৰাস্থিত নেহৰু আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়, নলবাৰীৰ বনভাগ খাতা বালিকা বিদ্যালয়, দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বালিলেছা খাতা মৌজা কালী মন্দিৰ বিদ্যালয়, উত্তৰ ধৰ্মপুৰ হাইস্কুল,আৰিকুছি মিলন হাইস্কুল, আপোন চান্দকুছি পাব্লিক হাইস্কুল, ধুৰকুছিৰ সিদ্ধিনাথ শৰ্মা হাইস্কুল, সন্ধাৰ খাৰবান্ধা হাইস্কুল আদি।

এই শিক্ষানুষ্ঠানসমূহৰ বেছি ভাগ পাদপ্ৰদীপৰ পৰা বহু নিলগত সেয়ে ইয়াৰ প্ৰতিভা সমূহ পূৰ্ণ ৰূপত উজ্জীৱিত, বিকশিত হোৱা নাই। অথচ শিক্ষাৰ ঘাই উদ্দেশ্য হৈছে ব্যক্তিৰ ব্যক্তিত্ব নিৰ্মাণ, সমাজৰ সতে সমাযোজন, নেতৃত্ব দিব পৰা গুণ আৰু সৃষ্টি চৈতন্য জাগৰণ।

এই আটাইবোৰ প্ৰতিভাৰ স্ফুৰণ হ'লে আমি ততোধিক আনন্দিত হ'ম আপুনি, মই সকলোৱে কাৰণ তেতিয়া জাতিটোৰ, ভাষাটোৰ অপাৰ বিস্তাৰ ঘটিবলৈ বাট চাই থাকিব নেলাগে। সেয়েহে ২০২৩ বৰ্ষৰ পহিলা পুৱাত উত্তৰসূৰী আৰু সাম্প্ৰতিক কালৰ প্ৰতিজন অসমবাসী সাজু হ'বৰ হ'ল, সৃষ্টিকমী বাৰিধাৰাক ভাগীৰথীৰ দৰে বোৱাই দিয়ক অসমৰ প্ৰান্তে প্ৰান্তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in