শক্তি বাঢ়িল মুম্বাইৰ : ৰঞ্জী দলত স্থান ৰোহিত শৰ্মাৰ

শক্তি বাঢ়িল মুম্বাই ৰঞ্জী দলৰ ! জম্মু –কাশ্মীৰৰ বিৰুদ্ধে খেলিব লগা ৰঞ্জী ট্ৰফীৰ মেচৰ বাবে দলত স্থান দিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক...

author-image
Asomiya Pratidin
New Update
শক্তি বাঢ়িল মুম্বাইৰ : ৰঞ্জী দলত স্থান ৰোহিত শৰ্মাৰ

শক্তি বাঢ়িল মুম্বাইৰ : ৰঞ্জী দলত স্থান ৰোহিত শৰ্মাৰ

ডিজিটেল ডেস্ক : শক্তি বাঢ়িল মুম্বাই ৰঞ্জী দলৰ ! জম্মু –কাশ্মীৰৰ বিৰুদ্ধে খেলিব লগা ৰঞ্জী ট্ৰফীৰ মেচৰ বাবে দলত স্থান দিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাক। মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ বি কে চি খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া মেচৰ বাবে ঘোষণা কৰা হৈছে ১৭ জনীয়া মুম্বাই দলটো।

অভিজ্ঞ আজিনক্যা ৰাহানেৰ নেতৃত্বাধীন দলত ৰোহিতৰ উপৰি থাকিব যশস্বী জয়ছোৱাল। এই ৩ মহাতাৰকাৰ শক্তিৰে এইবাৰ এঘড়ী যুঁজিব মুম্বায়ে। সঞ্জয় পাটিল নিৰ্বাচক সমিতিয়ে সোমবাৰে ঘোষণা কৰিছে ১৭ জনীয়া দলটো। 

ৰাহানে- ৰোহিত- জয়ছোৱালৰ উপৰি দলত স্থান দিয়া হৈছে আন ৩গৰাকী আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈ শ্ৰেয়াছ আয়াৰ, ছাৰ্দুল ঠাকুৰ আৰু শিৱম ডুবেক। কাৰ্যতঃ মিনি টীম ইণ্ডিয়াত পৰিণত হ’ব এইবাৰ মুম্বাই ৰঞ্জী দল।

ঘোষণা কৰা মুম্বাই ৰঞ্জী দলটো- 

আজিনক্যা ৰাহানে (অধিনায়ক), ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, আয়ুষ মাত্ৰে, শ্ৰেয়াছ আয়েৰ, সিদ্ধেশ লাড, শিৱম ডুবে, হাৰ্দিক তামোৰে (উইকেট কীপাৰ), আকাশ আনন্দ (উইকেট কীপাৰ), তনুষ কোটিয়ান, শামছ মুলানী, হিমাংশু সিং, শাৰদুল ঠাকুৰ, মোহিত অৱস্থী , চিলভেষ্টাৰ ডছৌজা, ৰয়ষ্টন ডায়েছ আৰু কাৰ্ছ কোথাৰী।

ranji trophy