/asomiyapratidin/media/media_files/2025/02/13/l3Ad0kmpG0cdCfaIYTXZ.jpg)
একনাথ
ডিজিটেল ডেস্কঃ বিজেপিৰ সৈতে ঘনিষ্ঠতা বঢ়াবলৈ চেষ্টা কৰি থকা উদ্ধৱ থাকৰেক যেন প্ৰচণ্ড সকিয়নী প্ৰদান কৰিলে একনাথ সিন্ধেই। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক সাক্ষাতৰ ২৪ঘন্টাৰ ভিতৰত উদ্ধৱ থাকৰেৰ গোটৰ শক্তিশালী নেতা তথা প্ৰাক্তন বিধায়ক ৰাজন ছাল্বীক যোগদান কৰোৱালে একনাথৰ গোটত।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজন ছাল্বী হৈছে উদ্ধৱ থাকৰে গোটৰ এগৰাকী অন্যতম শক্তিশালী নেতা। যোৱা বুধবাৰে একনাথ সিন্ধেৰ সৈতে গভীৰ নিশালৈকে বৈঠকত বহাৰ অন্তত ৰাজনে সংগ এৰে উদ্ধৱ থাকৰেৰ। আজি আনুষ্ঠানিকভাৱে ৰাজনে যোগদান কৰিব একনাথ সিন্ধে গোটত।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, যোৱা দিন কেইটাত বিজেপিৰ সৈতে ঘনিষ্ঠতা বাঢ়িছিল উদ্ধৱ থাকৰে গোটৰ। এই চৰ্চাও চলিছিল যে, একনাথ সিন্ধেৰ অসন্তুষ্টি বৃদ্ধি পালে বিজেপিয়ে মহাৰাষ্ট্ৰ ৰাজনীতি সলনি কৰি উদ্ধৱ থাকৰেই সৈতে কৰিব মিত্ৰতা। এনে চৰ্চাৰ মাজতেই একনাথে উদ্ধৱ থাকৰেক দিলে বিজেপিৰ সৈতে ঘনিষ্ঠতা বঢ়োৱা পৰিণাম কি হব পাৰে তাৰ আগলী বতৰা।
উদ্ধৱ থাকৰে গোটক দুৰ্বল কৰিবলৈ বিগত দিন বোৰত ন ন ৰণনীতি প্ৰস্তুত কৰি আহিছে একনাথ সিন্ধে গোটে। চৰ্চা চলিছে যে, উদ্ধৱ থাকৰে গোটৰ বৰ্তমান, প্ৰাক্তন আৰু বহু নগৰ সেৱকে অচিৰেই একনাথৰ শিবিৰত যোগদান কৰিব। অৱশ্যে একনাথ সিন্ধে নাইবা উদ্ধৱ থাকৰেই এই কথাত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।