/asomiyapratidin/media/media_files/2025/02/12/tMUDGazy3JXmKwgCAoNN.jpg)
বিজেপি.
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত পুনৰ ওলট-পালট হ'ব নেকি ৰাজনীতিৰ প্ৰেক্ষাপট! বিজেপিৰ প্ৰতি একনাথ সিন্ধেৰ অভিমান দিনক দিনে বাঢ়ি গৈয়েই আছে। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ কাম-কাজে মহাৰাষ্ট্ৰ ৰাজনীতিত পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে।
যোৱা এদিনৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে সাক্ষাত কৰিছিল ৰাজ ঠাকৰেক। তাৰ পিছতে মঙলবাৰে সন্ধিয়া উদ্ধৱ থাকৰে গোটৰ তিনিগৰাকী জ্যেষ্ঠ নেতাই সাক্ষাত কৰিছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীক। এই সাক্ষাতকালত কি বিষয়ক লৈ আলোচনা হৈছিল তাৰ কোনো তথ্য ৰাজহুৱা কৰা নাই দুয়োটা দলে।
মহাৰাষ্ট্ৰৰ ৰাজনীতি যে পূৰ্বতকৈ কিছু সলনি হৈছে তাৰ প্ৰমাণ হোৱা গৈছে আন এটা বিশেষ কথাত। পূূৰ্বে উদ্ধৱ থাকৰে গোটৰ সঞ্জয় ৰাউটে তীক্ষ্ণ সমালোচনা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক। কিন্তু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফান্স ভ্ৰমণক লৈ বিশেষভাৱে প্ৰশংসাত গদগদ হৈ পৰিল সঞ্জয় ৰাউট।
কেৱল এয়াই নহয়, কিছুদিনৰ পূৰ্বে উদ্ধৱ থাকৰে নিজেই গৈ সাক্ষাত কৰিছিল মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক। অৱশ্যে সেই সাক্ষাতক লৈ তীব্ৰ চৰ্চা হোৱাৰ পাছতে তেওঁলোকে স্পষ্ট কৰিছিল দিছিল যে, এই সাক্ষাত কোনো ৰাজনৈতিক নাছিল। এই সাক্ষাতক সম্পূৰ্ণ অনানুষ্ঠিক আখ্যা দিছিল উদ্ধৱ থাকৰে।
দিনক দিনে বিজেপিৰ সহযোগী একনাথ সিন্ধেৰ অসন্তুষ্টি বাঢ়িবলৈ ধৰিছে। তাৰ মাজতে বিজেপি আৰু উদ্ধৱ থাকৰে শিৱসেনা গোটৰ এই সনাপিটিকাই অচিৰেই যে মহাৰাষ্ট্ৰৰ ৰাজনীতি কিছু ওলট পালট হব তাৰ গোন্ধ পাইছে ৰাজনৈতিক বিশ্লেষকসকলে।