গাড্ডাৰঃ কমেডিয়ানৰ ষ্টুডিঅ' ভাঙি চূৰমাৰ কৰিলে একনাথ সিন্দে গোটৰ গুণ্ডাই...

সমালোচনা যেন হজম কৰিব নোৱাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দেই। শেহতীয়াকৈ কমেডিয়ান কুনাল কামৰাই একনাথক লৈ প্ৰস্তুত কৰা সমালোচনাত্মক ভিডিঅ'ৰ বাবে একনাথৰ গুণ্ডাই ভাঙি চূৰমাৰ কৰিলে কুনালৰ ষ্টুডিঅ'। 

author-image
Asomiya Pratidin
New Update
homaa

ডিজিটেল ডেস্কঃ সমালোচনা যেন হজম কৰিব নোৱাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দেই। শেহতীয়াকৈ কমেডিয়ান কুনাল কামৰাই একনাথক লৈ প্ৰস্তুত কৰা সমালোচনাত্মক ভিডিঅ'ৰ বাবে একনাথৰ গুণ্ডাই ভাঙি চূৰমাৰ কৰিলে কুনালৰ ষ্টুডিঅ'। 

উল্লেখ কৰা প্ৰয়োজন যে, কুনাল কামৰাই ধেমেলীয়া এক ভিডিঅত একনাথ সিন্দে 'গাড্ডাৰ' বুলি অভিহিত কৰিছিল। এই কথাতে ভীষণ অসন্তুষ্ট হৈছিল একনাথৰ গোট। ইয়াৰ পিছতে এই শ্বটো শ্বুটিং হৈ থকা এখন হোটেলত প্ৰৱেশ কৰি ভাঙি চূৰমাৰ কৰে সকলো সামগ্ৰী। একনাথ গোটৰ এই ভিডিঅ এতিয়া ভাইৰেল সামাজিক মাধ্যমত।

এই ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে মহাৰাষ্ট্ৰ আৰক্ষীয়ে ক্ষীপ্ৰগতিত তদন্ত আৰম্ভ কৰে। প্ৰায় ৪০গৰাকী লোকক চিনাক্ত কৰি গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। ৰুজু হোৱা এই ৪০গৰাকী লোকৰ ভিতৰত আছে একনাথ সিন্দে গোটৰ সামাজিক মাধ্যমৰ মুখ্য আহ্বায়ক ৰাহুল কনালো। 

একনাথ সিন্দে