Advertisment

মুম্বাইত ভয়ংকৰ ফেৰী দুৰ্ঘটনাঃ নিহত ১৩

মুম্বাই ফেৰী দুৰ্ঘটনাত নৌ সেনাৰ ৩ গৰাকী কৰ্মী নিহত হোৱা লগতে গুৰুতৰভাৱে আহত হয় দুজন লোক। ঘটনা সংঘটিত হোৱা কিছু সময় পাছত উদ্ধাৰ অভিযান আৰম্ভ হয়। হেলিকপ্টাৰৰ সহায়ত চলিছে উদ্ধাৰ অভিযান।

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল ডেস্কঃ   মুম্বাইৰ সাগৰত সংঘটিত হৈছে ভয়ংকৰ জাহাজ দুৰ্ঘটনা। নৌ সেনাৰ নাও আৰু নীলকমল’ নামৰ ফেৰীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত ১৩গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত ১০ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে।

Advertisment

উক্ত ফেৰী দুৰ্ঘটনাত নৌ সেনাৰ ৩ গৰাকী কৰ্মী নিহত হোৱা লগতে গুৰুতৰভাৱে আহত হয় দুজন লোক। ঘটনা সংঘটিত হোৱা কিছু সময় পাছত উদ্ধাৰ অভিযান আৰম্ভ হয়। হেলিকপ্টাৰৰ সহায়ত চলিছে উদ্ধাৰ অভিযান। জানিব পৰা মতে, ১০১ গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছে।

ইতিমধ্যে দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ঘটনাৰ তদন্ত ঘোষণা কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছে। 

মুম্বাই