/asomiyapratidin/media/media_files/2025/03/23/7lYrPU34GT3owqHMjSsk.jpg)
ডিজিটেল ডেস্কঃ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাক লৈ তদন্তৰ সামৰণি মাৰিলে চি বি আয়ে। তদন্তকাৰী সংস্থাটোৱে শেহতীয়াকৈ আদালতত দাখিল কৰে ক্লজাৰ ৰিৰ্পট। এই ৰিৰ্পটত উল্লেখ কৰা অনুসৰি, সুশান্ত সিং ৰাজপুতক কোনেৱে হত্যা কৰা নাছিল। এয়া এটা আত্মহত্যাৰ ঘটনাই আছিল। চি বি আয়ে প্ৰতিবেদনত লগতে এই বিষয়ক লৈ কোনো অন্য দিশ নাই বুলি স্পষ্ট কৰি দিয়ে।
চি বি আইৰ এই ৰিৰ্পটৰ পাছতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখে কয় যে, চি বি আইৰ তদন্তত স্পষ্ট হল যে এয়া এক আত্মহত্যা। ইমানদিনে অভিনেত্ৰী তথা ৰিয়া চক্ৰৱৰ্তীক মিছাঁতে দোষী সজাই ৰখা হৈছিল বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন গৃহমন্ত্ৰীগৰাকীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২০বৰ্ষত আত্মহত্যা কৰিছিল সুশান্তে। সেই সময়তে দেশজুৰি উত্থাপন হোৱা প্ৰচণ্ড দাবীত অনিল দেশমুখেই চি বি আইৰ হাতত অৰ্পন কৰিছিল সমগ্ৰ ঘটনাৰ তদন্ত।