লামডিঙত বহু ভাষিক কবি সন্মিলন...

সাহিত্য একাডেমীৰ উদ্যোগত বহু ভাষিক কবি সন্মিলন

author-image
Asomiya Pratidin
New Update
লামডিঙত বহু ভাষিক কবি সন্মিলন...

kabi sanmilan

ডিজিটেল সংবাদ লামডিংঃ লামডিং মহাবিদ্যালয়ৰ আলোচনা চক্ৰ হ'লত সাহিত্য একাডেমীৰ উদ্যোগত তথা লামডিং মহা বিদ্যালয়ৰ বেংগলী বিভাগৰ ব্যৱস্থাপনাত আজি বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয় ৷ লামডিং মহাবিদ্যালয়ত অনুষ্ঠিত এই কবি সন্মিলনত বহু কেইজন কবিয়ে অংশ গ্ৰহন কৰাৰ লগতে লামডিং মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসহ বহু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

Advertisment

এই কবি সন্মিলনত মৌচুমী কংসবনিক আৰু নাৰায়ন দত্তৰ ৰচিত "বাংলা নিৰ্বাচিত সাহিত্য টীকা" আৰু সঞ্জয় ভট্টাচাৰ্যৰ ৰচিত "হাস্যকৰ ও সংগীৰা" নামৰ দুখন গ্ৰন্থও উন্মোচন হয়। আজিৰ কবি সন্মিলনৰ সঞ্চালনা কৰে নেপালী সাহিত্য একাডেমী বটা প্ৰাপ্ত কবি কে বি নেপালীয়ে ৷

দেবৰাজ মিলিয়ে অসমীয়াত, সঞ্জয় ভট্টাচাৰ্যই বাংলা ভাষাত, বিলাইশ্ৰী ব্ৰহ্মই বড়ো ভাষাত, মাইফাল কেম্পাৰায়ে ডিমাছাত আৰু লঙ্গবীৰ তেৰঙে কাৰ্বি ভাষাত কবিতা পাঠ কৰে ৷

CHANDMARI guahati nemcare hospital