/asomiyapratidin/media/media_files/2025/01/22/tmmdrD8AsOA2rtPb8mPz.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী জিলাৰ চাপৰত ২০২২ চনত প্ৰতিষ্ঠিত হোৱা মাল্টি-মিডিয়া প্ৰেছ ক্লাৱ চাপৰৰ আজি দিনজোৰা কাৰ্যসূচীৰে তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে মাল্টি-মিডিয়া প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি সহিদুল সৰকাৰে। বৃক্ষৰোপণ কৰে চাপৰ চিকিৎসালয়ৰ চিকিৎসক ডাঃ হুছেইন আলীয়ে।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া, চাপৰৰ প্ৰয়াত যুৱ সাংবাদিক ধীৰাজ দাস আৰু মিৰাজ ৰায়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ইহ সংসাৰ ত্যাগ কৰা সমূহ সাংবাদিকৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। ইপিনে প্ৰতিষ্ঠা দিৱস উপলক্ষে চাপৰ চিকিৎসালয়ত থকা ৰোগী সকলৰ মাজত ফলমূলো বিতৰণ কৰা হয়।
আনপিনে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি সম্বৰ্ধনা পৰ্বও অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয় চাপৰৰ বিশিষ্ট চিকিৎসক, সমাজ সেৱক, অভিনেতা, ব্যৱসায়ী, বনাঞ্চলিক বিষয়া, ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়াৰ লগতে প্ৰায় অৰ্ধশতাধিক লোকক।
চাপৰ ৰাজহ চক্ৰ বিষয়া শশী ভূষন ৰাজকোঁৱৰ, ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সেখ হেদায়ৎউল্লাহ, সমাজ সেৱক গংগাধৰ ৰায় আৰু প্ৰাক্তন আছু কৰ্মী আনোৱাৰ হুছেইনে ভাষণ প্ৰসংগত সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত আলোকপাত কৰি মাল্টি-মিডিয়া প্ৰেছ ক্লাবৰ ভৱিষ্যত উন্নতিৰ কামনা কৰে।