/asomiyapratidin/media/media_files/2025/05/16/GuFCuzJFgfWQeWNcJzIb.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ মুকলি নসত্ৰ যুৱক সংঘৰ উদ্যোগত বৃহস্পতিবাৰে ভিন্ন কাৰ্য্যসূচীৰে ব'হাগী উৎসৱটি উদযাপন কৰা হয়। পুৱা বিহুৰ পতাকা উত্তোলন কৰে সোমেশ্বৰ বৰাই।
দুপৰীয়া কবিতা আবৃত্তি, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিশা ১০ বজাত বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ বৰাই উদ্ধোধন কৰা মঞ্চত জেং বিহু পৰিবেশন কৰে স্থানীয় মহিলাসকলে।
/asomiyapratidin/media/media_files/2025/05/16/uF27SU0EP0npnB9ImNtD.jpg)
একেদৰে নিশা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা নৃত্য প্ৰতিযোগিতাত নগাঁও- মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰে। সাংবাদিক, শিল্পী দিব্যজ্যোতি বৰুৱা আৰু বিৰজা দেৱীয়ে বিচাৰকৰ আসন অলংকৃত কৰা নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জুস্মিতা ভি দেৱীয়ে।
একেদৰে দ্বিতীয় স্থান লাভ কৰে জিনাৰশ্মী শইকীয়া, তৃতীয় স্থান লাভ কৰে কাব্যশ্ৰী বৰা আৰু নিচুকনি বঁটা লাভ কৰে কৃষ্টি শিখা বৰা, ভাস্বতী শইকীয়া, প্ৰজ্ঞাশ্ৰী কলিতাই। শেষত তৃষ্ণাশ্ৰী বৰাই আঁত ধৰা অনুষ্ঠানত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।