/asomiyapratidin/media/media_files/2025/01/27/ULifBfhfkNWvKqd6ho4T.jpg)
মুকেশ আম্বানী
ডিজিটেল ডেস্কঃ মুকেশ আম্বানী নেতৃত্বাধীন ৰিলায়েন্স ৰিটেইলছে শেহতীয়া বছৰবোৰত যথেষ্ট সফলতা লাভ কৰিছে। বহু চহৰত ৰিলায়েন্সে নতুনকৈ আৰম্ভ কৰিছে বহুবোৰ বিপনী। কিন্তু এনে সফলতাৰ মাজতো মুকেশ আম্বানী তথা ঈষা আম্বানী নেতৃত্বাধীন ৰিলায়েন্সে তেওঁলোকৰ কেইবাখনো ৰিটেইলছৰ বিপনী চেট্ৰ' বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৰিলায়েন্সে তেওঁলোকৰ ৰিটেইলছ বিপনী চেট্ৰ'ৰ প্ৰায় ২০খন বিপনী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যে ৰিলায়েন্সৰ তৰফৰ পৰা বিভিন্ন বেণ্ডক তেওঁলোক সামগ্ৰীসমূহ চেট্ৰ বিপনীৰ পৰা উভতাই নিবলৈ পত্ৰযোগে আহ্বান জনোৱা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি, ৰিলায়েন্সে এই ২০খন বিপনীৰ স্থান সলনি কৰি নতুনকৈ আৰম্ভ কৰাৰ পৰিকল্পনাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ বাবে এই ২০খন বিপনী অস্থায়ী ৰূপে বন্ধ কৰাৰ কথা সদৰি কৰিছে ৰিলায়েন্স কৰ্তৃপক্ষই।