ছয়মাইলৰ সুৰাৰ বিপনীত অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
ধূপধৰাত খাদ্যত বিষক্ৰিয়াঃ অৰ্ধ শতাধিক পুৰুষ মহিলা অসুস্থ

dangor khabar

ডিজিটেল ডেস্কঃ নিশা মহানগৰীৰ এখন সুৰাৰ বিপনীত অগ্নিকাণ্ড সংঘটিত হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ তলৰ এখন সুৰাৰ বিপনীত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত অৱশ্যে বিস্তৰ ক্ষতি হোৱাৰ পৰা কথমপি ৰক্ষা পৰে।

Advertisment

উল্লেখ্য যে, নিশা এই অগ্নিকাণ্ডৰ খবৰ পোৱা মাত্ৰকে অগ্নি নিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয়গৈ। তিনিওখন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ড প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক তথ্য অনুসৰি শ্বৰ্টচাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।

assam guwahati