Advertisment

ৰপ্তানি খণ্ডত এমএচএমই ৰ বজাৰ মূল্য ১২.৩ লাখ কোটিলৈ বৃদ্ধি

২০২০-২১ বৰ্ষত ৰপ্তানিৰ কাৰক এমএচএমই সংখ্যাৰ ৫২,৮৪৯ আছিল যদিও ২০২৪-২৫ বৰ্ষত এই উদ্যোগৰ সংখ্যা ১,৭৩,৩৫০ লৈ বৃদ্ধি পাইছে।২০২৩-২৪ বৰ্ষত এমএচএমই ৰপ্তানি ক্ষেত্ৰলৈ অৰিহনা ৪৫.৭৩ শতাংশ আছিল।২০২৪ ত মে' মাহলৈ এই অৰিহনা বৃদ্ধি পাইছে ৪৫.৭৯ শতাংশলৈ।

author-image
Asomiya Pratidin
New Update
ds

ডিজিটেল ডেস্কঃ ভাৰতৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহে ৰপ্তানিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে। ২০২০-২১ বৰ্ষত এই উদ্যোগ সমূহে বিদেশলৈ ৰপ্তানি কৰিছিল ৩.৯৫ লাখ টকাৰ মূল্যৰ বিভিন্ন সামগ্ৰী। ২০২৪-২৫ বৰ্ষত এনে উদ্যোগ সমূহে ৰপ্তানি কৰা সামগ্ৰীৰ মূল্য ১২.৩৯ লাখ টকালৈ বৃদ্ধি পাইছে।এয়া দেশৰ অৰ্থনীতি শ্ৰীবৃদ্ধি আৰু বিশ্বৰ বাণিজ্য ক্ষেত্ৰক সমৃদ্ধশালী কৰা অন্যতম উদাহৰণ। 

Advertisment

২০২০-২১ বৰ্ষত ৰপ্তানিৰ কাৰক এমএচএমই সংখ্যাৰ ৫২,৮৪৯ আছিল যদিও ২০২৪-২৫ বৰ্ষত এই উদ্যোগৰ সংখ্যা ১,৭৩,৩৫০ লৈ বৃদ্ধি পাইছে।২০২৩-২৪ বৰ্ষত এমএচএমই ৰপ্তানি ক্ষেত্ৰলৈ অৰিহনা ৪৫.৭৩ শতাংশ আছিল।২০২৪ ত মে' মাহলৈ এই অৰিহনা বৃদ্ধি পাইছে ৪৫.৭৯ শতাংশলৈ।

দেশৰ বাণিজ্যিক উন্নয়ন আৰু ক্ৰমবদ্ধমান প্ৰভাৱ প্ৰতিফলন কৰিছে এমএচএমই য়ে। জিডিপি লৈও এই ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ উদ্যোগৰ অৰিহনা মন কৰিবলগীয়া। ভাৰতৰ জিডিপি এমএচএমই ৰ মুঠ মূল্য সংযোজন ২০১৭-১৮ বৰ্ষত ২৯.৭ শতাংশ আছিল। ২০২২-২৩ ত এয়া ৩১.১ শতাংশলৈ বৃদ্ধি পাইছে।

এমএচএমই