এমএছএমইৰ সুৰক্ষাৰ বাবে ১,২৬৪ কোটি টকাৰ প্ৰকল্পত অনুমোদন চৰকাৰৰ

আজিপৰ্যন্ত প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ বাবে টিডিএফ আঁচনিৰ অধীনত মুঠ ৩৩৪.০২ কোটি টকাৰ ৭৯টা প্ৰকল্প অনুমোদন কৰা হৈছে বুলি ছেথে লোকসভাত অৱগত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃভাৰতক প্ৰতিৰক্ষা গৱেষণা আৰু প্ৰযুক্তিৰ বিশ্ব কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে কেইবাটাও পদক্ষেপ ভাৰত চৰকাৰে গ্ৰহণ কৰিছে । যত আনুমানিক ১২৬৪ কোটি টকাৰ প্ৰকল্প আৰু এমএছএমইৰ ষ্টাৰ্ট-আপ আৰু শিক্ষানুষ্ঠানৰ উল্লেখযোগ্য অংশগ্ৰহণ জড়িত হৈ আছে বুলি লোকসভাত শুকুৰবাৰে লিখিত উত্তৰত জনায় কেন্দ্ৰীয় ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী সঞ্জয় ছেঠে।

মন্ত্ৰী ছেথে প্ৰদান কৰা সবিশেষ তথ্য এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে । মূল পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰযুক্তি উন্নয়ন পুঁজি (টিডিএফ) আঁচনি । যিটো ৰাষ্ট্ৰসংঘৰ অধীনৰ এটা ফ্লেগশ্বিপ কাৰ্যসূচী। এই আঁচনিৰ দায়িত্বত আছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা(DRDO)

আজিপৰ্যন্ত প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ বাবে টিডিএফ আঁচনিৰ অধীনত মুঠ ৩৩৪.০২ কোটি টকাৰ ৭৯টা প্ৰকল্প অনুমোদন কৰা হৈছে বুলি ছেথে লোকসভাত অৱগত কৰে।

টিডিএফ আঁচনিখন উদ্যোগসমূহক বিশেষকৈ ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) আৰু ষ্টাৰ্ট-আপসমূহক অত্যাধুনিক প্ৰতিৰক্ষা আৰু প্ৰযুক্তি বিকশিত কৰিবলৈ উৎসাহিত কৰাৰ বাবে তৈয়াৰ কৰা হৈছে ।

চৰকাৰৰ আত্মনিৰ্ভৰ ভাৰতদৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই আঁচনিৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা প্ৰযুক্তিৰ ডিজাইন আৰু উৎপাদন প্ৰক্ৰিয়াত নতুন উদ্যোগসমূহক একত্ৰিত কৰা। এই আঁচনিৰ অধীনত চৰকাৰে অনুদান সাহায্য হিচাপে প্ৰতিটো প্ৰকল্পৰ বাবে ৫০ কোটি টকা পৰ্যন্ত পুঁজি প্ৰদান কৰে।

MSME