/asomiyapratidin/media/media_files/2025/06/14/zU1PD3mqLk8W3Xzyrtfu.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় বেংক ভাৰতীয় ষ্টেট বেংকৰ পৰিচয় নতুনকৈ দিয়াৰ প্ৰয়োজন নাই। ৫০ হাজাৰতকৈ অধিক কৰ্মচাৰী, ৬৩,৫৮০ টা এ টি এম/এডিডব্লিউএম, ৮২,৯০০ বি চি আউটলেট, ২২,৫০০ ৰো অধিক শাখা থকা ভাৰতীয় ষ্টেট বেংকৰ কাম-কাজ কেৱল ভাৰততেই সীমাবদ্ধ নহয়। বিশ্বৰ বিভিন্ন দেশতো এই বেংকটোৱে অৰ্থনৈতিক কাম-কাজ কৰে।
অৱশ্যে ভাৰতত এছ বি আইৰ প্ৰতি সাধাৰণ গ্ৰাহকৰ মাজত যথেষ্ট ক্ষোভো নথকা নহয়। ইয়াৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ সৈতে কৰা ব্যৱহাৰৰ বিষয়টো সংসদৰ অধিবেশনতো আলোচনাত স্থান লাভ কৰিছে।তাৰোপৰি বেংকটোৱে গ্ৰাহকৰ জমা ধন উলিওৱাৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে আৰোপ কৰা কিছুমানে অতিৰিক্ত মাচুলেও ইয়াক প্ৰায়ে চৰ্চাত ৰাখে।
সাধাৰণ গ্ৰাহকৰ পৰা মাচুলৰ নামত শ শ কোটি টকা অতিৰিক্তভাৱে উপাৰ্জন কৰা ভাৰতীয় ষ্টেট বেংকে অৱশ্যে কোটিৰ ঘৰত ধন আদায় দিয়ে এই দেশৰে দুই তাৰকাক। অৱশ্যে সেই ধন ঋণ হিচাপে নহয়, তেওঁলোকক এককালীনভাৱে দি আহিছে বেংকটোৱে।
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনি আৰু বলিউডৰ তাৰকা অভিনেতা অভিষেক বচ্চনক নিয়মীয়াকৈ ধন আদায় দি আহিছে এছ বি আইয়ে। তথ্য অনুসৰি ধোনিক মাহে ৬ কোটি আৰু অভিষেক বচ্চনক প্ৰতি মাহে ১৮.৫ লাখ টকা দিয়ে এছ বি আইয়ে।
কিন্তু প্ৰশ্ন হয় এই দুজন চেলিব্ৰিটিৰ বাবে কিয় ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰে এছ বি আইয়ে? যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছে তথাপিও মহেন্দ্ৰ সিং ধোনি আজিও পূৰ্বৰ দৰেই জনপ্ৰিয়।
ব্ৰেণ্ডৰ বিজ্ঞাপন কৰি তেওঁ যথেষ্ট ধন উপাৰ্জন কৰে। বহু ডাঙৰ ডাঙৰ কোম্পানীৰ বিজ্ঞাপনত তেওঁক দেখা যায়। তেওঁৰ মুখ ব্যৱহাৰ কৰিয়েই সেই কোম্পানীয়ে গ্ৰাহকক আকৰ্ষণ কৰে।
তেনে এটা ডাঙৰ প্ৰতিষ্ঠান হৈছে ভাৰতীয় ষ্টেট বেংক। ২০২৩ চনৰ পৰাই ধোনিয়ে এছ বি আইৰ বিজ্ঞাপন কৰি আহিছে।২০২৩ চনৰ ২৮ অক্টোবৰত এছ বি আইৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা এটা পোষ্টত ঘোষণা কৰা হৈছিল বেংকটোৱে ধোনিক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি দিছে।
এছ বি আইৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে এম এছ ধোনিয়ে বেংকৰ বিপণন আৰু প্ৰচাৰ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এছ বি আইৰ মতে শান্ত আচৰণ আৰু দ্ৰুত তথা স্পষ্ট সিদ্ধান্ত গ্ৰহণৰ বাবে বিখ্যাত ধোনিয়ে দৰাচলতে এছ বি আইয়ে মূল্য দিয়া গুণসমূহকে নিখুঁতভাৱে প্ৰতিনিধিত্ব কৰে।
সেয়ে তেওঁৰ উপস্থিতিয়ে বেংকটোক সমগ্ৰ দেশৰ গ্ৰাহক আৰু অংশীদাৰসকলৰ সৈতে অধিক ফলপ্ৰসূভাৱে সংযোগ স্থাপন কৰাত সহায় কৰিছে।
আনহাতে অভিষেক বচ্চনক এছ বি আইয়ে ভাড়াৰ নামত প্ৰতি মাহে ১৮.৯০ লাখ টকা আদায় দি আহিছে। অভিষেক বচ্চনে বলীউডৰ মেগাষ্টাৰ তথা পিতৃ অমিতাভ বচ্চনৰ সৈতে মুম্বাইৰ জুহুত থকা তেওঁৰ বাংলোৰ তলৰ মহলা ভাৰতীয় ষ্টেট বেংকক ভাড়াত দিছে।
ইয়াৰ বাবেই প্ৰতিমাহে তেওঁ এছ বি আইৰ পৰা ১৮.৯০ লাখ টকা লাভ কৰি আহিছে। বাংলোটোৰ তলৰ মহলা এছ বি আইয়ে ২০২১ চনৰ ২৮ ছেপ্টেম্বৰত চুক্তি কৰি ভাড়ালৈ লৈছিল।