/asomiyapratidin/media/media_files/2025/07/06/1-2025-07-06-21-53-53.jpg)
ডিজিটেল সংবাদ,নামৰূপঃ মন্ত্ৰী পীযুষ হাজৰীকাই নিচামুক্তি কেন্দ্ৰসমূহৰ আন্তঃগাঁথনিৰ আৰু চিকিৎসাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও বহু কেন্দ্ৰ নীতি বৰ্হিভূতভাৱে চলি থকাৰ অভিযোগ উত্থাপন হৈছে ৷ শেহতীয়াকৈ নামৰূপত থকা মৃত্যুঞ্জয় নিচা মুক্তি কেন্দ্ৰটো নীতি বৰ্হিভূত ভাবে চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।
নামৰূপৰ উক্ত নিচা মুক্তি কেন্দ্ৰটোত ২৩ বছৰীয়া এজন যুৱকৰ মৃত্যু হোৱাৰ পাছতে মৃতকৰ পৰিয়ালে শনিবাৰে কেন্দ্ৰটোৰ বিৰুদ্ধে নামৰূপ থানাত এজাহাৰ দাখিল কৰে। নিচামুক্তি কেন্দ্ৰত চলা অমানুষিক অত্যাচাৰৰ ফলত উক্ত যুৱকজনৰ মৃত্যু হোৱাৰ লগতে দুজন যুৱক অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
অভিযোগ অনুসৰি, ১০ ফেব্ৰুৱাৰীত নীতিশ তন্ত্ৰবাই নামৰ যুৱকজনক পৰিয়ালৰ অগোচৰে ৰাস্তাৰ পৰা বলপূৰ্বকভাৱে নিচামুক্তি কেন্দ্ৰটোত পুলিচৰ ভয় দেখুৱাই ভৰ্তি কৰাই আৰু পাছত পৰিয়ালক মাতি ধনদাবী কৰি নীলমণি চেতিয়া নামৰ যুৱকজনে নিচামুক্তি কেন্দ্ৰটোত থবলৈ বাধ্য কৰায় ৷
ইয়াৰ পাছতে ১ জুলাইত যুৱকজনৰ অসুস্থতাৰ কথা অৱগত কৰি পৰিয়ালক অৱগত কৰে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি তন্ত্ৰবাইক নূন্যতম চিকিৎসা প্ৰদান কৰি পুনৰ পৰিয়ালক ১৫০০০ টকা ধনদাবী দাবী কৰে। পাছত অসম চিকিৎসা মহাবিদ্যালয়ত যুৱকজনৰ মৃত্যু হয়।মৃত্যুৰ পাছত পৰিয়ালে যুৱকজনক নিচামুক্তি কেন্দ্ৰত কৰা অকথ্য নিৰ্যাতনৰ কথা আৰক্ষীক অৱগত কৰে আৰু শনিবাৰে এজাহাৰ দাখিল কৰে।
নামৰূপ চাহ বাগিছাৰ ১৪নং লাইনৰ নীতিশ তন্তবাই নামৰ ২৩ বছৰীয়া যুৱকজনৰ বৃহস্পতিবাৰে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হোৱাৰ পিছতে নামৰূপৰ নিচা মুক্তি কেন্দ্ৰত সংঘটিত বিভিন্ন আতিশায্যৰ ঘটনা পোহৰলৈ আহে।
দুৰ্ভাগ্যজনক যে, নিচা মুক্তি কেন্দ্ৰত শাৰীৰিক নিৰ্যাতনৰ বলি হৈ বৰ্তমান পংগুত্বৰ জীৱন নিৰ্বাহ কৰা তিলক সিং(৩৫) আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হৈ বৰ্তমানেও অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা ৰুকং চাহ বাগিছাৰ চতান দেৰ কথাও পোহৰলৈ আহে।
ভুক্তভোগী তিলক সিঙৰ অভিযোগ অনুসৰি তিলক সিঙক প্ৰায় তিনিমাহ পূৰ্বে নামৰূপ শৰ্মা তিনিআলিৰ পৰা ড্ৰাগচ লোৱা আৰু সৰবৰাহ কৰাৰ অভিযোগত নীলমণি চেতিয়া নামৰ এজন যুৱকে ৰাজপথৰ ওপৰতে উপৰ্যুপৰি মাৰপিত কৰি ধৰি লৈ যায়। যুৱক জনক নামৰূপ তাই কৃষ্টি কেন্দ্ৰৰ সমীপৰ মৃত্যুঞ্জয় নিচা মুক্তি কেন্দ্ৰলৈ লৈ নি বেয়াকৈ মাৰ পিত কৰি চুলি পৰ্যন্ত কাটি দিয়ে।
ইয়াৰ পিছৰে পৰা প্ৰতিটো দিনেই শাৰীৰিক আতিশয্য চলোৱাৰ ফলত যুৱক জন ৰোগীয়া হৈ পৰে। অধিক অসুস্থ হৈ পৰাত কেন্দ্ৰটোৰ কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিবলৈ অভিভাবকক ধন দাবী কৰে। পৰিয়ালে টকা দিবলৈ অসমৰ্থ বুলি কোৱাত মূমূৰ্ষ অৱস্থাত তিলক সিঙক নিজ গৃহত পেলাই থৈ আহে বুলি পত্নীয়ে অভিযোগ কৰে।
শনিবাৰে তিলক সিঙৰ পত্নী ৰশ্মি সিঙে নামৰূপ থানত মৃত্যুঞ্জয় নিচা মুক্তি কেন্দ্ৰ আৰু কেয়াৰ তেকাৰ হিচাপে থকা নীলমণি চেতিয়াৰ বিৰুদ্ধে এজাহৰ দাখিল কৰে। ইফালে শনিবাৰে নিচা মুক্তি কেন্দ্ৰৰ সমীপৰ ৰাইজ আৰু গাঁও ৰক্ষী বাহিনীৰ মহিলা সকলে শীঘ্ৰে নিচা মুক্তি কেন্দ্ৰটো বন্ধ কৰিবলৈ লিখিত ভাবে অভিযোগ দিয়ে।
ইফালে নামৰূপ চাহ বাগিচাৰ শতাধিক ৰাইজে তন্ত্ববাইৰ মৃত্যুৰ তদন্ত বিচাৰি নিশা ১০ বজালৈ নামৰূপ থানাত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। এজাহাৰ সমূহৰ ভিত্তিত নামৰূপ থানাত কেছ নং ৩০/২৫ ভাৰতীয় দণ্ড বিধি আইনৰ ১১৭(৩) ধাৰাত গোচৰ ৰুজু কৰি দুপৰীয়া নীলমণি চেতিয়াক জেল হাজোতলৈ প্ৰেৰণ কৰে।