/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mridu.jpg)
ডিজিটেল ডেস্ক: মৃদুপৱন নেওগক মনত আছেনে? এখন বিলাসী গাড়ী বিক্ৰী কৰাক লৈ নগাঁৱৰ এজন ব্যৱসায়ীক প্ৰতাৰণা কৰাৰ অভিযোগত বিচাৰি ফুৰা নেওগক আজিলৈকে সন্ধান উলিয়াব নোৱাৰিলে অসম আৰক্ষীয়ে। সেই সময়ত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা আনন্দ মিশ্ৰই অচিৰেই নেওগক গ্ৰেপ্তাৰ কৰা হ'ব বুলি দম্ভালি মাৰিছিল যদিও সেয়া সম্ভৱ নহ'ল।
কাহিলীপাৰাৰ মৃদুপৱন নেওগৰ বাসগৃহত আৰক্ষী অভিযান চলাই বহু আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰিছিল। আৰক্ষীয়ে বিচাৰি নাপালেও এইজন দালাল ৰূপী মৃদুপৱন নেওগে আত্মপ্ৰকাশ কৰে সামাজিক মাধ্যমত। দেওবাৰে মৃদুপৱন নেওগে নিজৰেই এটা সু খবৰ দিলে ফেচবুকৰ জৰিয়তে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ফটো সহ নেওগে উল্লেখ কৰিছে যে- "ৰাষ্ট্ৰীয় ৰাজনীতিলৈ মাজত মাত্ৰ এটা খোজ। কেৱল মাঁথো আনুষ্ঠানিকতা বাকী…"। পলাতক এই গৰাকী মৃদুপৱন নেওগে ইয়াৰ জৰিয়তে কি ইংগিত প্ৰদান কৰিছে।
বিজেপিয়ে তেওঁক পুৰস্কৃত কৰিব বুলি নিজেই নিজৰ ঢোল কোবাইছে নেওগে। অসম আৰক্ষীয়ে ইমানৰ পাছতো বিচাৰি উলিয়াব পাৰিবনে বিভিন্ন প্ৰতাৰণাৰ অভিযোগত অভিযুক্ত মৃদুপৱনক নে অসম আৰক্ষীয়ে জানি শুনিও গ্ৰেপ্তাৰ কৰা নাছিল ইমান দিনে মৃদু পৱন নেওগক।