/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/flag.jpg)
ডিজিটেল ডেস্ক: হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ প্ৰচাৰৰ বাবে সাংসদসকলৰ দ্বাৰা মটৰচাইকেল ৰেলী উলিওৱা হ'ব। ৩ আগষ্টত দিল্লীৰ লালকিল্লাৰ পৰা বিজয় চকলৈ অনুষ্ঠিত হ'ব এই বাইক ৰেলী। প্ৰতি গৰাকী বিজেপি সাংসদকে এই বাইক ৰেলীত অংশ ল'বলৈ আহ্বান কৰা হয়।
পুৱা ৮.৩০ বজাত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে বাইক ৰেলীৰ ফ্লেগ অফ কৰিব। উল্লেখ্য যে ১৩-১৫ আগষ্টৰ ভিতৰত দেশৰ প্ৰতিটো ঘৰত ত্ৰিৰঙ্গা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছে। এই সময়ছোৱাত বিশ কোটি ঘৰত ত্ৰিৰংগা উত্তোলন কৰা হ'ব।
অন্যহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সকলোকে স্বাধীনতা দিৱসৰ সময়ত ফেচবুক প্ৰফাইলত পতাকাৰ ফটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।
আৰু পঢ়ক: ৫ আগষ্টত দি'ব লোকসেৱা পুৰস্কাৰ