দৰমহাৰ লগতে পেঞ্চনো বাঢ়িল দেশৰ সাংসদসকলৰ...

দৰমহা বাঢ়িল দেশৰ সাংসদসকলৰ। লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন দৰমহাৰ গাঁথনি। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
দৰমহা বাঢ়িল দেশৰ সাংসদসকলৰ। লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন দৰমহাৰ গাঁথনি। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ কৰা হৈছে। দৰমহা বাঢ়িল দেশৰ সাংসদসকলৰ। লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন দৰমহাৰ গাঁথনি। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ কৰা হৈছে। 

ডিজিটেল ডেস্কঃ দৰমহা বাঢ়িল দেশৰ সাংসদসকলৰ। লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন দৰমহাৰ গাঁথনি। সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ কৰা হৈছে। 

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে,  বৰ্তমান সাংসদসকলৰ মাহিলি দৰমহা ১ লাখ টকা। এতিয়া ১ লাখৰপৰা ১ লাখ ২৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে সাংসদসকলৰ দৰমহা। ইফালে সাংসদসকলৰ দৈনিক ভাট্টাও ২হাজাৰ টকাৰ পৰা ২৫০০টকালৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰা হৈছে।  

প্ৰাক্তন সাংসদসকলে এতিয়া ২৫ হাজাৰ টকাৰ পৰিৱৰ্তে ৩১ হাজাৰ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব। পাঁচ বছৰতকৈ অধিক সময় সাংসদ হৈ থকাসকলে প্ৰতিটো অতিৰিক্ত বছৰৰ বাবে ২৫০০ টকাৰ অতিৰিক্ত মাহিলী পেঞ্চন লাভ কৰিব। 

সাংসদসকলৰ দৰমহা আৰু পেঞ্চন শেষবাৰৰ বাবে বৃদ্ধি হৈছিল ২০১৮ চনত। দৰমহাৰ উপৰিও সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে বছৰত ৩৪ বাৰ বিমানযোগে দেশৰ ভিতৰত বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। এইবোৰৰ উপৰিও আন বহু সুবিধা লাভ কৰে সাংসদসকলে। 

 

 

 

সাংসদ পুঁজি