/asomiyapratidin/media/media_files/2025/03/26/Hmdl0DKzvCzZhrhgDm3k.jpg)
ডিজিটেল ডেস্কঃ সাংবাদিক দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত নতুন দিল্লীত বুধবাৰে দিল্লীত কংগ্ৰেছৰ তিনিগৰাকী সাংসদে সম্বোধন কৰে এখন সংবাদমেলৰ। সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈয়ে সম্বোধন কৰা এই সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ কটাক্ষ কৰে তিনিও সাংসদে।
গৌৰৱ গগৈয়ে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনক কটাক্ষ কৰি কয় যে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰতিটো শ্ৰেণীক দমন কৰিব বিছাৰে। ইয়াৰ উদাহৰণ সাংবাদিক দিলোৱাৰ হুছেইন। সাংবাদিকগৰাকী গোটেই ৰাতি আটক কৰি এছটি/এছ চি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাটো, এইয়া অপশাসন। বুদ্ধিজীৱি, সাংবাদিক, অধিবক্তা সকলো আজি অপৰাধী!অসম আৰক্ষীক চৰকাৰে ব্যৱহাৰ কৰিছে। আমি সংসদত এই কথা সমূহ উত্থাপন কৰিম জোনমনি ৰাভাৰ ক্ষেত্ৰত চৰকাৰে এছ চি, এছ টি আইন পাহৰে, অসমৰ ৰাইজে ইয়াৰ উত্তৰ দিব বুলিও কয় গৌৰৱ গগৈয়ে।
ইফালে নগাওঁ সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয়- প্ৰণালীবদ্ধ ভাৱে অসমত সাংবাদিক আৰু চৰকাৰ বিৰোধী লোকক আক্ৰমণ কৰা হৈছে । এয়া গণতন্ত্ৰৰ বাবে অতিকৈ অশুভ এক বাৰ্তা। ইয়াৰ বিৰুদ্ধে সকলো মাৰ বান্ধি থিয় হোৱাৰ সময় আহি পৰিছে।
হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কটাক্ষ কৰি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয়- চাকি এটা নুমাবৰ সময়ত ভমককৈ জ্বলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য ৷ এই অশুভ পৰম্পৰা সাদিন -প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰী জয়ন্ত বৰুৱাক বিধানসভাত কৰা আক্ৰমণৰ পৰা আৰম্ভ কৰিছে ৷ ভয়-ভাবুকিৰে এইদৰে সকলোকে নিয়ন্ত্ৰনৰ চেষ্টা কৰিছে ৷
তিনিও কংগ্ৰেছৰ সাংসদে সাংবাদিক দিলৱাৰ হুছেইনক শীঘ্ৰে মুকলি কৰাৰ দাবী জনায় আৰু এই কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে। তেওঁলোকে লগতে কয় যে, ৰাষ্ট্ৰীয় পয্যায়ত বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ ভাৱমূৰ্তি বেয়া হৈছে এই কথাক লৈ বিজেপিও চিন্তিত।