আদানিৰ হেঁচাত পৰি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰেঃ ৰকিবুল হুছেইন

নগাঁৱত আয়োজিত এখন সংবাদমেলত অংশ লৈ ৰকিবুল হুছেইনে এই উচ্ছেদক "ঘোৰ অন্যায় আৰু নীতিবৰ্হিভূত" বুলি আখ্যা দিয়াৰ লগতে একাধিক বিস্ফোৰক মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
bfbfbfb

ডিজিটেল সংবাদ, নগাঁওঃ চাপৰত হোৱা উচ্ছেদৰ প্ৰসংগত অৱশেষত মুখ খুলিলে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। নগাঁৱত আয়োজিত এখন সংবাদমেলত অংশ লৈ সাংসদগৰাকীয়ে এই উচ্ছেদক "ঘোৰ অন্যায় আৰু নীতিবৰ্হিভূত" বুলি আখ্যা দিয়াৰ লগতে একাধিক বিস্ফোৰক মন্তব্য কৰে।

Advertisment

সাংসদগৰাকীয়ে দাবী কৰে, “ধুবুৰী আৰু গোৱালপাৰাৰ বিভিন্ন অঞ্চলত কিছুদিন পূৰ্বে আদানিৰ হেলিকপ্তাৰ উৰি আছিল। তাৰ পাছতে চৰকাৰে উচ্ছেদৰ বাবে আগবাঢ়ে। এই সমগ্র ঘটনা সন্দেহজনক আৰু জনতাই এই সংকেতক বুজি পাব লাগিব” বুলি সংবাদমেলত উল্লেখ কৰে ৰকিবুল হুছেইনে।

ৰকিবুল হুছেইনে লগতে কয় যে, ২৪ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ উচ্ছেদ কাৰ্য নচলাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। তথাপিও চৰকাৰে আদালতৰ ৰায় অমান্য কৰি উচ্ছেদ কাৰ্য্য অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে। চৰকাৰৰ এই কাৰ্য্যৰ বিৰুদ্ধে সাংসদগৰাকীয়ে ইতিমধ্যে মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰি আদালতৰ ৰায় অমান্যৰ বাবে নিজাববীয়া গোচৰ গ্ৰহণ কৰাৰ দাবী জনাইছে বুলি সংবাদমেলত জানিবলৈ দিয়ে।

ইয়াৰ লগতে সাংসদ গৰাকীয়ে অভিযোগ কৰে যে, “চৰকাৰে আদানিৰ হেঁচাত পৰি হঠাৎ এই হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উচ্ছেদৰ ক্ষেত্ৰত আলমগঞ্জত ইতিমধ্যে চৰকাৰে আদালতত মুখ থেকাচা খাইছে।” লগতে, কংগ্ৰেছ চৰকাৰ আহিলে উচ্ছেদিত সকলো লোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব, পুনৰ ঘৰ নিৰ্মাণৰ সহায় দিয়া হ’ব। বুলিও উল্লেখ কৰে। সংবাদমেলত তেওঁ স্পষ্টকৈ কয় যে, “আমাৰ চৰকাৰ আহিলে আদানিক অসমত প্ৰবেশ নিষিদ্ধ কৰা হ’ব।”

উচ্ছেদ ৰকিবুল হুছেইন উচ্ছেদ অভিযান