ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাত জড়িত ১০ অভিযুক্তৰ নাম প্ৰকাশ

আজি নগাঁও সদৰ থানাত সাংসদ ৰকিবুল হুছেইনে এজাহাৰ দাখিল কৰিছে। পুত্র তানজিল হুছেইন আৰু কেইবাজনো দলীয় কৰ্মীৰ উপস্থিতিত ২২জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সাংসদগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
dfgdf

ডিজিটেল ডেস্কঃ  সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অভিযোগত ১০জন লোকক চিনাক্ত কৰি উলিয়াইছে আৰক্ষীয়ে। সদনৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাই জনালে এই কথা। মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰা তথ্যৰ ভিত্তিত আক্ৰমণকাৰীকেইজন ক্ৰমে-

জামতোলাৰ হাৰুণ, ফাকলিৰ হৰেশ, তামুলীটুপৰ বছিৰ, কাৱৈমাৰীৰ কাছেম আলী, কাৱৈমাৰীৰ ৰছিদুল, গুণাবাৰীৰ আয়ুব, ৰে'ল ষ্টেচনৰ লুটকিয়ৰ, ৰৌমাৰীৰ খালেক, গঁড়েমাটিখোৱাৰ মজিবুৰ, কোয়াচগাঁৱৰ জাহাংগীৰ।

ইতিমধ্যে আক্ৰমণকাৰীক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। ইফালে আজি নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে সাংসদ ৰকিবুল হুছেইনে। পুত্র তানজিল হুছেইন আৰু কেইবাজনো দলীয় কৰ্মীৰ উপস্থিতিত ২২জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সাংসদগৰাকীয়ে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নগাঁৱৰ ৰূপহীত আক্ৰমণৰ সন্মুখীন হৈছিল সাংসদ গৰাকী। ৰূপহীৰ গুণাবাৰীত এখন সভালৈ গৈ থকা পথতে সাংসদ হুছেইনক ক্ৰিকেট বেটেৰে ৰাজপথত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই।

ৰকিবুল হুছেইন