/asomiyapratidin/media/media_files/2025/04/01/ED61mDLNDP2P08xHcqiN.jpg)
ডিজিটেল ডেস্ক : মঙলবাৰে জাগী ভকতগাঁৱত অনুষ্ঠিত হোৱা এক যোগদান সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক সমালোচনাৰে থকা-সৰকা কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই। সাংসদ বৰদলৈ সন্দৰ্ভত সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়- গঁড় হত্যা আপুনি ৰোধ কৰিব পৰা নাছিল ৷ আপোনাৰ বিৰুদ্ধে প্ৰসন্ন তুৰুঙৰ হত্যাৰ অভিযোগ আছে ৷ আপোনাৰ দিনত আপুনি যেতিয়া শক্তিমন্ত্ৰী আছিল, আপুনি য’ত হাৰি পেলাই নগাঁৱলৈকে পলাবলৈ বাধ্য হৈছিল, সেই মাৰ্ঘেৰিটা সমষ্টিত মই স্বচক্ষে দেখিছিলো তাত ইলেক্ট্ৰিক পোষ্ট নাছিল, তাত বাঁহৰ খুঁটা আছিল ৷
গতিকে আপুনি এগৰাকী ব্যৰ্থ মন্ত্ৰী, ব্যৰ্থ বিধায়ক, ব্যৰ্থ সাংসদ ৷ আপুনি মোৰ লগত বা আমাৰ সমষ্টি বা আমাৰ দলৰ লগত চক্ৰান্ত কৰি একো ফল নাপাব, আজিৰ এই যোগদানৰ ঘটনাৰে আমি প্ৰমাণ দিছো ৷ এইবুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷
উল্লেখযোগ্য যে, বিজেপিৰ জাগী ভকতগাঁও মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত উক্ত সভাৰ কাৰ্যসূচীৰ অন্তত প্ৰায়ে পীযুষ হাজৰীকাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে গঁড় হত্যাৰ বাবে ৰকিবুল হুছেইন যিমান দায়ী সিমানেই দায়ী সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷
মাৰ্ঘেৰিটাৰ পৰা আহি মুছলমানৰ ভোটেৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ জাগীৰোড সমষ্টিত দাদাগিৰি নকৰিবলৈ প্ৰদ্যুৎ বৰদলৈক সকীয়াই দি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈক ৯০ হাজাৰ ভোটত পৰাস্ত কৰাৰো হুংকাৰ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে জাগীৰোড সমষ্টিৰ পশ্চিম মায়ং পঞ্চায়তৰ ৩০ গৰাকী কংগ্ৰেছ কৰ্মীয়ে আজি বিজেপি দলত যোগদান কৰে ৷ প্ৰায় দুমাহ ধৰি তেওঁলোকে বিজেপি দলত যোগদান কৰাৰ বাবে মন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰি আছিল যদিও মন্ত্ৰীগৰাকীয়ে বিভিন্ন কামত ব্যস্ত থকাৰ বাবে সময় দিব পৰা নাছিল বুলি জানিবলৈ দিয়ে ৷
আজি তেওঁলোকে যোগদান কৰিবলৈ অহা অত্যন্ত সুখী হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি আমাৰ দলত যোগদান কৰাসকলক তেওঁলোক নিজ নিজ অঞ্চলত যথেষ্ট শক্তিশালী ৷ কংগ্ৰেছ দলৰ কাম-কাজত তেওঁলোক অতিষ্ঠ হৈ বিজেপি দলত যোগদান কৰে ৷
নাম উল্লেখ নকৰাকৈ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে লাহৰীঘাট, ধিং, ৰূপহীহাট, চামগুৰিৰ ভোটত তেওঁ জিকিছে যদিও জাগীৰোডত অতি বেয়াকৈ ধৰাশয়ী হৈছে ৷ ৭৭ হাজাৰ ভোটত জাগীৰোডত প্ৰদ্যুৎ বৰদলৈ হাৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ মন্ত্ৰীগৰাকীক হিংসা কৰিবলৈ লয় বুলি মন্ত্ৰী পীযুষ হাজৰীকাই মন্তব্য কৰে ৷
মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে প্ৰদ্যুৎ বৰদলৈৰ এটাই কষ্ট যে কিয় তেওঁ জাগীৰোডত ৭৭ হাজাৰ ভোটত হাৰিলে ? কিয় জাগীৰোডত কোনো এটা অনুষ্ঠানে তেওঁক নামাতে ? কিয় জাগীৰোডত এহেজাৰ মানুহ লৈ ক’তো এখন মিটিং তেওঁ পাতিব নোৱাৰে ? কাৰোবাৰ ঘৰত বহি দুই-চাৰিটা মানুহ ফুচুলাই লৈ গৈ তেওঁ মিটিং পাতে ৷
তেওঁ নামঘৰৰ মণিকূটৰ পইচা দিম বুলি ফাঁকি দি মানুহবোৰ লৈ গৈ মিটিং কৰে ৷ প্ৰদ্যুৎ বৰদলৈয়ে কু-চক্ৰান্ত কৰি লাভ নাই ৷ আমি ৰাইজৰ কাৰণে কাম কৰিছো, ৰাইজৰ লগত আছো, গতিকে আমাক ইয়াত ভগৱানৰ আশীৰ্বাদত একো কৰিব নোৱাৰে ৷ এই বছৰ তেওঁক ৭৭ হাজাৰ ভোটত হৰুৱাইছো, অহা বছৰ ৯০ হাজাৰ ভোটত তেওঁক হৰুৱাম বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
উল্লেখ্য যে আজি জাগী ভকতগাঁও মণ্ডল কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলাৰ সভাপতি ৰামপ্ৰসাদ সৰকাৰ, পশ্চিম মায়ং মণ্ডলৰ সভাপতি চন্দন দাসসহ দলৰ বহুকেইগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ উপস্থিতিত কংগ্ৰেছৰ নেতাকেইগৰাকীয়ে বিজেপি দলত যোগদান কৰে । মন্ত্ৰীগৰাকীয়ে যোগদান কৰা আটাইকে বিজেপি পৰিয়াললৈ আদৰণি জনায় আৰু দলৰ সাংগঠনিক ভেটি শক্তিশালীকৰণৰ ক্ষেত্ৰত সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us