/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/mp-school.jpg)
ডিজিটেল ডেস্কঃ প্ৰায় ডেৰ বছৰৰ পাছত শিক্ষানুষ্ঠানলৈ ঘুৰি আহিব শিক্ষাৰ্থী।সুদীৰ্ঘ ডেৰটা বছৰৰ মূৰত মধ্য প্ৰদেশত স্কুলীয়া শিক্ষাৰ্থীৰঅপেক্ষা সমাপ্ত হৈছে। ১ ছেপ্টেম্বৰ, ২০২১ বুধবাৰৰ পৰা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ পৰ্যন্ত সকলো শ্ৰেণী দৈনিক আৰম্ভ হ'ব।
ৰাজ্যখনে নিৰ্ধাৰণ কৰা কোভিড প্ৰ'টকল অনুসৰি প্ৰতিটো শ্ৰেণীতে ৫০জ্ শতাংশ শিকঅষাৰ্থী শ্ৰেণীত উপস্থিত থাকিব পাৰিব। এই নিয়ম কাৰ্যকৰী কৰিবলৈ প্ৰতিটো শ্ৰেণীৰ শিক্ষাৰ্থী সকলে এটা সপ্তাহত মাত্ৰ তিনিদিন বিদ্যালয়লৈ আহিব লাগিব।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নিৰ্দেশনা অনুসৰি শিক্ষা বিভাগে ৫ দিন পূৰ্বে বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ জাৰি কৰিছিল। ইফালে বিদ্যালয়ৰ শিক্ষককে ধৰি প্ৰতিজন কৰ্মচাৰীয়ে ভেকছিনৰ কমেও এটা পালি পোৱাটো বাধ্যতামূলক কৰিছে।
উল্লেখ্য যে বৰ্তমান ৰাজ্যখনত মাত্ৰ ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠ্যক্ৰম অনুষ্ঠিত হৈ আছে।একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুষ্ঠিত হৈ আছে সপ্তাহত মাত্ৰ দুদিন।য'ত শিক্ষাৰ্থীৰ বাবে কোনো সঠিক আসনৰ ব্যৱস্থা নাই, সেইসমূহ শিক্ষানুষ্ঠানত সপ্তাহত এদিন সৰু সৰু গোটত শ্ৰেণী অনুষ্ঠিত কৰা হৈছে।
ৰাজ্যখনত বিদ্যালয়লৈ শিক্ষাৰ্থীক প্ৰেৰণ কৰা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বিষয়টো সম্পূৰ্ণৰূপে অভিভাৱকসকলৰ ওপৰত এৰি দিয়া হৈছে। শিক্ষাৰ্থীক বিদ্যালয়লৈ পঠিয়াবলৈ অভিভাৱকৰ অনুমতিৰ প্ৰয়োজন হ'ব। আনহাতে বিদ্যালয়ত কোৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ চেনিটাইজাৰ, মাস্ক আৰু সামাজিক দূৰত্ব আদিৰ দৰে সকলো ধৰণৰ কোভিড প্ৰ'টকল অনুসৰণ কৰাটো বাধ্যতামূলক কৰা হৈছে।
ৰাজ্যখনৰ সকলো শিক্ষক আৰু কৰ্মচাৰীৰ ১০০ শতাংশ ভেকচিন বাধ্যতামূলক।শিক্ষাৰ্থীৰ অসুস্থতাৰ ক্ষেত্ৰত, লগে লগে চিকিৎসালয়লৈ লৈ যোৱা আৰু অভিভাৱকসকলক জনোৱাটোও বাধ্যতামূলক কৰা হৈছে।