/asomiyapratidin/media/media_files/2025/03/15/ccbr7S6sfu9ODqcpJOWW.jpg)
ডিজিটেল সংবাদ,জাগীৰোডঃ আজি দুপৰীয়া মৰিগাঁৱৰ অন্তৰ্গত গৰঙ্গা মন্দিৰত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। তিনিদিনীয়াকৈ আয়োজিত দৌল উৎসৱত অংশ লোৱা উদ্দেশ্যে আজি গৰঙ্গা মন্দিৰত উপস্থিত হয় সাংসদ গৰাকী। উল্লেখ্য যে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ পৰিয়ালে বছৰ বছৰ ধৰি উদযাপিত কৰি আহিছে দৌল উৎসৱ।
সাংসদ গৰাকীয়ে গৰঙ্গা মন্দিৰত সেৱা জনোৱাৰ পিছত বৰষাৰাণী বিষয়াৰ সৈতে ৰাইজক দিয়া ভোগ বিতৰণৰ আৰম্ভণি কৰে। লগতে তেওঁ মন্দিৰৰ ভোগ গ্ৰহণ কৰে। লক্ষ্যণীয় ভাৱে গৌৰৱ গগৈৰ উপস্থিতিয়ে ২৬ ৰ নিৰ্বাচনত জাগীৰোড সমষ্টিত বিৰোধী সন্মিলিত প্ৰাৰ্থী বৰষাৰাণী বিষয়া হ'ব নেকি বুলি ৰাইজৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে।
ইয়াৰ মাজতে সাংবাদিকে বৰষাৰাণী বিষয়াক কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ কৰাব নেকি সোধা কথাত সাংসদ গৰাকীয়ে উল্লেখ কৰে যে, বিষয়া পৰিয়ালৰ সৈতে আমাৰ পূৰ্বৰ পৰাই এক সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰ আলম লৈয়ে ইয়ালৈ আহিছো।
সামন্তৰলকৈ তাৎপৰ্যপূৰ্ণ ভাৱে বৰষাৰাণী বিষাই উল্লেখ কৰে যে ৰাজনীতিৰ কথা এতিয়াই ভবা নাই, এতিয়া কেঁচুৱাৰ আল-পৈচান ধৰাত ব্যস্ত অৱশ্যে কাইলৈ কি হয় কোনেও নাজানে।