/asomiyapratidin/media/media_files/2025/06/22/1gffgdfsddfsd-2025-06-22-12-18-02.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ আজি কোকৰাঝাৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হোৱা পাছতে কৰ্মী সকলে গৌৰৱ গগৈক গামোচা,আৰনাই আৰু ফুলৰ থোপাৰে আদৰণি জনায়।
কোকৰাঝাৰত দলীয় কৰ্মী সকলক সম্বোধন কৰা সময়ছোৱাত সাংসদ গগৈয়ে ৰাইজক উদ্দেশ্যি কয় যে, কংগ্ৰেছে ৰাইজৰ মাজত থাকি সঞ্জীৱিনী শক্তি লাভ কৰে। সেয়ে কংগ্ৰেছে কোকৰাঝাৰত ৰাইজৰ লগত থাকি সঞ্জীৱিনী ল'বলৈ আহিছে।
কোকৰাঝাৰৰ ৰাইজৰ সমস্যা, সপোন আৰু আশা বুজিবলৈ আহিছো আৰু সেয়া বাস্তৱত ৰূপায়নৰ চেষ্টা কৰিম বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে। তেওঁ লগতে কয়, বিটিচি নিৰ্বাচনক লৈ কংগ্ৰেছ দল চিৰিয়াছ, কংগ্ৰেছ দল নতুন উৎসাহ দেখা গৈছে। নিৰ্বাচনৰ বাবে কষ্ট কৰিব লাগিব। হাতত অলপ সময় আছে কষ্ট কৰিলে অপ্ৰত্যাশিত ফলাফল আহিব পাৰে বুলিও আশা প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।
তাৰোপৰি বিটিচি নিৰ্বাচনক লৈ কংগ্ৰেছ দলৰ বিটিচি নিৰ্বাচনৰ প্ৰতিটো সমষ্টিৰ বাবে প্ৰাৰ্থী সাজু আছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ইয়াৰ মাজতে শ্ৰী গগৈয়ে শাসক পক্ষক লক্ষ্য কৰি লয় কেইবাটাও মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে প্ৰতিনিয়ত গৌৰৱ গগৈক সমালোচনা, আক্ৰমন কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নোত্তোৰত গৌৰৱ গগৈয়ে কয় যে, সবকো সন্মতি দে ভগবান, সকলোৰে মঙ্গল হওঁক। তেওঁ লগতে কয়, আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল মাটি। মামীয়ে মাটি পাই আছে, মামাই মাটি পাই আছে, আদানীয়ে মাটি পাই আছে, আম্বানীয়ে মাটি পাই আছে কিন্তু সাধাৰণ মানুহে মাটি পোৱা নাই।
তেওঁ লগতে কয়, অৰুণোদয়ৰ নামত সামান্য পৰিমানৰ ধন মহিলাসকলে পাইছে আনহাতে মুখ্যমন্ত্ৰী,মন্ত্ৰী, বিধায়কৰ পৰিয়ালে ১০ লাখ,২০ লাখ, ৩০ লাখ টকীয়া আঁচনিৰ হিতাধিকাৰী হৈছে। যি আঁচনি সাধাৰণ যুৱক , মহিলাৰ বাবে হ'ব লাগিছিল সেয়া হোৱা নাই। নিজে কিমান ধনী হব পাৰে সেয়াহে চিন্তা কৰিছে। এইবোৰ কাৰণতেই অহা নিৰ্বাচনত বিজেপিৰ পতন হ'ব বুলিও ক্ষোভ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।