Advertisment

নাৰী দিৱস বিশেষঃ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সকলো দায়িত্ব মহিলাক অৰ্পন...

আজি নাৰী দিৱস উপলক্ষে মুখ্যমন্ত্ৰীয়ে কয় যে আজি মোৰ কাৰ্যালয়ৰ দায়িত্ব সমূহ যেনে গাড়ী চালকৰ পৰা নিৰাপত্তাৰক্ষীলৈকে সকলো দায়িত্ব মহিলাক অৰ্পণ কৰিছো।

author-image
Asomiya Pratidin
New Update
vc

ডিজিটেল ডেস্কঃ  আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ভূপালৰ মহিলাসকলৰ হাতত নিজ কাৰ্যালয়ৰ দায়িত্ব অৰ্পণ কৰে। আজি ভূপালত নাৰী দিৱসৰ অনুষ্ঠানত উপস্থিত থাকি মোহন যাদৱে মহিলাসকলৰ বাবে মাহেকীয়া আৰ্থিক সাহায্য আঁচনি ‘লাডলী বেহনা যোজনা’ৰ ১.২৭ কোটিৰো অধিক হিতাধিকাৰীৰ একাউণ্টলৈও ডিজিটেলভাৱে ১,৫৫২.৭৩ কোটি টকা স্থানান্তৰ কৰে।

Advertisment

সভাত তেওঁ কয় যে, মধ্যপ্ৰদেশ বিধানসভাই ২০২১ চনৰ ৮ মাৰ্চত ধৰ্মীয় স্বাধীনতা বিধেয়ক গৃহীত কৰিছিল। বিজেপিয়ে বলপূৰ্বক ধৰ্মান্তৰকৰণক “লাভ জেহাদ” বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে নিজৰ স্থিতি কঠিন কৰি তুলিছিল। 

বিজেপিৰ ক্ষমতাত থকা উত্তৰ প্ৰদেশ আৰু গুজৰাটতো ধৰ্মান্তৰকৰণ ৰোধৰ বাবে একেধৰণৰ আইন ইতিমধ্যে প্ৰণয়ন কৰা হৈছে। নতুন আইনখনত অবৈধ ধৰ্মান্তৰকৰণৰ দোষী সাব্যস্ত হোৱা লোকক ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে।

এই আইনখনে প্ৰৱঞ্চনামূলক উপায়েৰে ধৰ্মান্তৰকৰণ, যেনে বিবাহৰ বাবে প্ৰৰোচনা, ভুল বৰ্ণনা, ভাবুকি বা বল প্ৰয়োগ,জোৰ-জবৰদস্তি আদিক সামৰি লৈছে। আইনখনত উল্লেখ আছে যে আইন উলংঘা কৰি কৰা যিকোনো বিবাহ বাতিল ঘোষণা কৰা হ’ব। লগতে উলংঘাকাৰীয়ে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ৫০ হাজাৰ টকা জৰিমনা ভৰিব।

এই আইনখনে ধৰ্মান্তৰিত ব্যক্তিজনৰ পিতৃ-মাতৃ, আইনী অভিভাৱক বা ভাই-ভনীক অভিযোগ দাখিল কৰিবলৈ অনুমতি দিয়ে। আজি নাৰী দিৱস উপলক্ষে মোহন যাদৱে নিজৰ কাৰ্যালয়ৰ দায়িত্ব ভূপালৰ মহিলাক অৰ্পণ কৰে। 

মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তাৰ ব্যৱস্থাও মহিলা আৰক্ষী বিষয়াই চম্ভালিছিল। লগতে তেওঁৰ গাড়ীখনো এগৰাকী মহিলা চালকৰ দ্বাৰা পৰিচালিত বুলি জানিব দিয়ে মোহন যাদৱে। নাৰী দিৱস উপলক্ষে মুখ্যমন্ত্ৰীয়ে কয় যে আজি মোৰ কাৰ্যালয়ৰ দায়িত্ব সমূহ যেনে গাড়ী চালকৰ পৰা নিৰাপত্তাৰক্ষীলৈকে সকলো দায়িত্ব মহিলাক অৰ্পণ কৰিছো।

মধ্যপ্ৰদেশ