ডিমৰীয়াত অব্যাহত আছে ব্যাপক হাৰত পাহাৰ খনন

পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত সোণাপুৰৰ তিনিতাকৈ স্থানত ব‍্যাপক হাৰত পাহাৰ খন চলি আছে । সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নলগেদৰা, তেতেলীয়া, বাইশ মাইল আদি এলেকাত দিনে নিশাই চলিছে পাহাৰ খনন ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ পূৱ কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত সোণাপুৰৰ তিনিতাকৈ স্থানত ব‍্যাপক হাৰত পাহাৰ খন চলি আছে । সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নলগেদৰা, তেতেলীয়া, বাইশ মাইল আদি এলেকাত দিনে নিশাই চলিছে পাহাৰ খনন । এই পাহাৰ খননৰ আঁৰত বিজেপিৰ দুই প্ৰভাৱশালী নেতা থকাৰ অভিযোগ উত্থাপিত হৈছে ।

আৰক্ষী আৰু বন বিষয়াক মনে মনে থকাৰ বাবে হেঁচা দিয়ে বিজেপি নেতাই । অভিযোগ অনুসৰি বিজেপিৰ কোনো বিধায়ক আৰু পৰিৱহন বিভাগৰ শীৰ্ষ নেতাৰ পৃষ্ঠপোষকতাত চলিছে এই পাহাৰ খনন ।

পাহাৰ খননৰ ক্ষেত্ৰত বিজেপিৰ আঞ্চলিক পৰ্য়ায়ৰ নেতাও জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ।উল্লেখযোগ্য যে পাহাৰ খনন বন্ধৰ দাবীত ইতিমধ্যে ২৬ নৱেম্বৰত আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই কামৰূপ মহানগৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি চৰকাৰে অঞ্চলটোৰ কিছু নিৰ্দিষ্ট ঠাইত পাহাৰ খননৰ অনুমতি দিছে যদিও তাৰ গইনা লৈ একাংশ অসাধু চক্ৰই অইন ঠাইটো খনন কাৰ্য চলাই গৈছে । এইক্ষেত্ৰত বন বিভাগৰ একাংশ লোকে সহায় কৰে বুলি স্পষ্ট ভাৱে উল্লেখ আছিল স্মাৰক পত্ৰত ।

সোণাপুৰ ডিমৰীয়া