/asomiyapratidin/media/media_files/2025/06/18/184-3575912e.jpg)
বুজাবুজি চুক্তি
ডিজিটেল সংবাদ, গুৱাহাটী : উচ্চ শিক্ষাৰ গুণগত সুবিধাৰ প্ৰসাৰৰ লগতে সেনা বাহিনীৰ কৰ্মীসকলৰ সেৱা আৰু ত্যাগক সন্মান জনোৱাৰ উদ্দেশ্যে অসম ৰয়েল গ্লোৱেল ইউনিভাৰ্চিটিয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ যোগেৰে চিআৰপিএফৰ যোগ্য নিৰ্ভৰশীল ছাত্ৰ-ছাত্ৰী তথা সন্তানৰ সুবিধাৰ্থে দুটা সুকীয়া শিতানৰ শৈক্ষিক বৃত্তিৰ সুবিধা প্ৰদান কৰিছে।
যোৱা সোমবাৰে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে আৰ জি ইউৰ একাডেমিক পঞ্জীয়ক অধ্যাপক (ড°) ডি এন সিং আৰু চি আৰ পি এফ গুৱাহাটীৰ আৰ চি ডব্লিউ এৰ সভানেত্ৰী সোমা মুখাৰ্জীয়ে। চি আৰ পিএফৰ সহ আৰক্ষী মহাপৰিদৰ্শক মানস ৰঞ্জন আৰু আৰ জি ইউ আৰু চি আৰ পি এফৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এইচুক্তি স্বাক্ষৰ কৰা হয়।
এই সন্দৰ্ভত অধ্যাপক ডি এন সিঙে কয়, “সশস্ত্ৰ বাহিনী আৰু নিৰাপত্তাৰক্ষীৰ সন্তানৰ বাবে বৃত্তিৰ দুটা শ্ৰেণীৰ ভিতৰত আছে ‘ৰয়েলশৌৰ্য্য’ – শ্বহীদ আৰু বীৰত্ব বঁটাপ্ৰাপ্ত পৰিয়ালৰ বাবে১০০% বৃত্তি আৰু ‘ৰয়েল সুৰক্ষা চি আৰ পিএফ জোৱানৰ সন্তানৰ বাবে ৫০% টিউচন ৰেহাই”। তেওঁ লগতে কয় যে এ আই চি টি ই, চি অ এ, পি চি আই, আই এন চি, এ এন এম এইচ ভি চি, বি চি আই বা অনুৰূপ পৰিষদৰ দৰে বিধিগত সংস্থাৰ দ্বাৰা নিয়ন্ত্ৰিত কাৰ্যসূচীত নামভৰ্তিৰ বাবেও এই বৃত্তি দিয়া হ'ব।
আনহাতে ডি আই জি মানস ৰঞ্জনে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম ৰয়েল গ্লবেল ইউনিভাৰ্চিটিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে, এই বৃত্তিৰ পৰা নিৰাপত্তাৰক্ষীৰ পৰিয়ালসমূহ বহুখিনি উপকৃতহব, কিয়নো সঘনাই চাকৰি বদলি হ'লে তেওঁলোকৰ সন্তানৰ শিক্ষাত প্ৰায়ে ব্যাঘাত জন্মে।
“আৰ জি ইউয়ে আৰম্ভণিৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলক আন বহু বৃত্তিৰ সুযোগ আগবঢ়াই আহিছে, যেনে- “ৰয়েল মেৰিট অন এডমিছন বৃত্তি”, “ই ডব্লিউ এছ কেটেগৰীৰ বাবে ৰয়েল বৃত্তি”, “ৰয়েল এনডাউমেণ্ট বৃত্তি”, আৰ জি ইউ স্পৰ্টছ বৃত্তি, ছেমিষ্টাৰট পাৰ্ছৰ বাবে মাহেকীয়া বৃত্তি”- এইদৰে কয় আৰ জি ইউৰ বৃদ্ধি আৰু কৌশলৰ সঞ্চালক উৎপল কান্তাই।
ৰয়েল মেৰিট অন এডমিছন বৃত্তিত বাৰ্ষিক মাচুল, নামভৰ্তি মাচুল আৰুপঞ্জীয়ন মাচুলৰ ওপৰত ১০০% বৃত্তি প্ৰদান কৰা হয়। আনহাতে, সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ১০০% বৃত্তি প্ৰদান কৰা হয়।
ৰয়েল এনডাউমেণ্ট বৃত্তি সকলো কাৰ্যসূচীতে প্ৰদান কৰা হয় আৰু ইয়াক লাভ কৰিব পৰা শিতানসমূহৰ ভিতৰত ক্ৰীড়া, সংগীত, সূক্ষ্ম কলাৰ ছাত্ৰ-ছাত্ৰী; পদ্ম বঁটাপ্ৰাপক, অসম বৈভৱ, সৌৰভ আৰু গৌৰৱ বঁটাপ্ৰাপকৰ সন্তান আৰু নাতি, অকলশৰীয়া মাতৃৰ সন্তান, আৰু যাৰ পৰিয়ালৰ আয় ৮লাখতকৈ কম । চুবুৰীয়া দেশৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ বাবেও ইয়াত বৃত্তিৰ ব্যৱস্থা থকা বুলিও জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, আৰ জি ইউ স্পৰ্টছ বৃত্তিৰ দ্বাৰা খেলুৱৈসকলক কেৱল আৰ্থিক সাহায্য প্ৰদান কৰাই নহয়, সঠিক প্ৰশিক্ষক আৰু মেণ্টৰশ্বিপৰ জৰিয়তে তেওঁলোকক উৎসাহিত কৰাতো গুৰুত্ব আৰোপ কৰে। আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত খেলুৱৈৰ কৃতিত্বৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়খনে ভাৰতীয় অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ক্ৰীড়া আৰু খেলত ১০০%, ৮০%, ৭০%, ৫০% আৰু ৪০% বৃত্তি প্ৰদানৰ ব্যৱস্থা আছে।