/asomiyapratidin/media/media_files/2025/01/29/1zcuEXwzKsVaLc61qHV4.jpg)
In the name of anger! Mother thrashs 3-year-old son with water pipe
ডিজিটেল ডেস্ক : খং নামেই চণ্ডাল ! এগৰাকী কঠোৰ হৃদয়ৰ মাতৃৰ হাতত ৩বছৰীয়া সন্তান প্ৰহাৰিত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মায়া নগৰী মুম্বাইত। খঙত অগ্নিশৰ্মা হৈ মাতৃগৰাকীয়ে নিজৰ ৩ বছৰীয়া পুত্ৰ সন্তানটিক পানীৰ প্লাষ্টিক পাইপেৰে উপৰ্যপুৰিভাৱে প্ৰহাৰ কৰে।
ফলত পুত্ৰ সন্তানটিৰ পিঠিত আঘাতৰ চিন স্পষ্টৰূপে ধৰা পৰে। উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ ঘাটকাপোৰ নাৰায়ণ নগৰত।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সন্তানটিক ইতিমধ্যে চুবুৰীয়া ৰাইজৰ সহযোগত ৰাজবাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইফালে এনে অমানবীয় কাণ্ড সংঘটিত কৰিয়েই মাতৃ গুডিয়া বানু খানে পলায়ন কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ৩ বছৰীয়া সন্তানটিৰ পিতৃ মাইছাদ খানে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে।
উল্লেখযোগ্য যে পতি- পত্নীৰ মাজত সংঘটিত হোৱা গৃহ কন্দলৰ পাছতে খঙত অগ্নিশৰ্মা হৈ গুডিয়া বানু খানে নিজ সন্তানক কাষতে থকা প্লাষ্টিকৰ পাইপেৰে প্ৰহাৰ কৰে। ইফালে এই অবাঞ্চিত ঘটনা সংঘটিত কৰি পলায়ন কৰা মাতৃগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে স্থানীয় আৰক্ষীয়ে।