নামতিত পিয়লি ফুকন শাখা সাহিত্য সভাৰ মাতৃভাষা দিৱস উদযাপন

শিৱসাগৰ জিলাৰ নামতি পিয়লি ফুকন শাখা সাহিত্য সভাৰ সৌজন্যত ১৫২ নং চেতিয়া কাটনি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ৰজাবাৰী চেতিয়া কাটনি প্ৰাথমিক বিদ্যালয়ত মাতৃভাষা দিৱস উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
নামতিত পিয়লি ফুকন শাখা সাহিত্য সভাৰ মাতৃভাষা দিৱস উদযাপন

নামতিত পিয়লি ফুকন শাখা সাহিত্য সভাৰ মাতৃভাষা দিৱস উদযাপন

ডিজিটেল সংবাদ,নামতি : শিৱসাগৰ জিলাৰ নামতি পিয়লি ফুকন শাখা সাহিত্য সভাৰ সৌজন্যত ১৫২ নং চেতিয়া কাটনি প্ৰাথমিক বিদ্যালয়ৰ সহযোগত ৰজাবাৰী চেতিয়া কাটনি প্ৰাথমিক বিদ্যালয়ত মাতৃভাষা দিৱস উদযাপন কৰা হয় ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তৃষ্ণা ফুকনে সভাপতিত্ব কৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নামতি অঞ্চলৰ এজন বিশিষ্ট শিক্ষাবিদ, সু-লেখক অৱসৰী প্ৰৱক্তা মোহিনী মহন্ত  ৷

Advertisment

ভাষণ প্ৰসঙ্গত তেওঁ কয় যে, বিভিন্ন বিদেশী ভাষাই অতিথি হৈ আহি অসমীয়া ভাষাৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে ৷ এইদৰে অত্যধিক বিদেশী ভাষা অসমীয়া ভাষাৰ লগত সংযুক্ত হোৱাটো বা ব্যৱহাৰ কৰাটো আমাৰ মাতৃভাষাৰ বাবে শুভ লক্ষণ নহয় ৷ আমি শুদ্ধভাৱে আমাৰ ভাষাটো ক'বলৈ আৰু লিখিবলৈ শিকা উচিত ৷

ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাকৈ তেখেতে অসমীয়া ভাষাৰ বিষয়ে ব্যাকৰণৰ বিষয়ে সুন্দৰ বক্তব্য আগবঢ়ায় ৷ আইৰ মুখৰ ভাষাৰ আইনাম, বিয়ানাম, নিচুকনি গীত, ভাওনাৰ বচন আদি পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে তেওঁ ৷

পিয়লি ফুকন শাখা সাহিত্য সভাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক দেৱযানী শইকীয়া গগৈয়ে মাতৃভাষা দিৱসৰ তাৎপৰ্য আৰু দিৱসটি উদযাপনৰ সুফল সমূহৰ বিষয়ে বক্তব্য আগবঢ়ায় ৷ পিয়লি ফুকন শাখা সাহিত্য সভাৰ সহ-সম্পাদক বিজুমণি মহন্তই প্ৰতিটো বৰ্ণৰ পৰা কিদৰে সুন্দৰ কবিতা সৃষ্টি কৰিব পাৰি এই সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে আৰু বিভিন্ন সুৰত কবিতাসমূহ গাবলৈ শিকায় ৷

শাখাৰ সভাপতি মল্লিকা বেগমৰ মাতৃভাষাক লৈ প্ৰস্তুত কৰা এটি সুন্দৰ অভিভাষণ পাঠ কৰা হয় ৷ সমজুৱাৰ দু-আষাৰত বিদ্যালয়ৰ শিক্ষক প্ৰবোধ চেতিয়াই কয় যে আমি  এনে দিৱসসমূহ উদযাপন কৰাৰ লগতে মাতৃভাষাৰ বিদ্যালয়সমূহ জীয়াই ৰাখিবলৈ কৰ্ম আচনিও হাতত ল'ব লাগিব ৷ বহু মাতৃভাষাৰ বিদ্যালয়ৰ ইতিমধ্যে মৃত্যু হৈছে ৷ এয়া ভাষাৰ কাৰণেই অশনি সংকেত ৷

বিদ্যালয়ৰ শিক্ষক শৰৎ গগৈ,মিনু কলিতা আদি উপস্থিত থকা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলে মাতৃভাষাক শ্ৰদ্ধা জনাই গীত,কবিতা আদিৰ সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰে ৷ বিদ্যালয়ত ভৱিষ্যতেও পিয়লি ফুকন শাখা সাহিত্য সভাৰ উদ্যোগত ভাষা, সাহিত্য কেন্দ্ৰীক অনুষ্ঠান আয়োজন কৰিবলৈ প্ৰধান শিক্ষয়িত্ৰী তথা সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে আহ্বান জনায় ৷

namati