/asomiyapratidin/media/media_files/2025/05/11/lSt9LNIQkeYzi6R73nL4.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মাতৃ দিৱসৰ দিনাই মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পৰকীয়া প্ৰেমিকৰ সৈতে মিলি মাতৃয়ে প্ৰাণ কাঢ়িলে পুত্ৰৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি বশিষ্ঠত ছ্যুটকেছৰ ভিতৰত উদ্ধাৰ হয় এটি মৃতদেহ। এটা ট্র’লী বেগৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহটো কোনোৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে।
লগে লগে ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে তদন্ত চলাই উক্ত মৃতদেহটো জয়ানগৰৰ পৰা নিৰুদ্দিষ্ট এটি শিশুৰ বুলি চিনাক্ত কৰে। মাতৃ আৰু প্রেমিকে মিলি শিশুটিক হত্যা কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীৰ লোকে। উল্লেখ্য যে, ইতিমধ্যে দুই অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে।
মৃত মৃন্ময় বৰ্মন নামৰ শিশুটি বহু সময় সন্ধানহীন হৈ আছিল। ক্লিনিকত কাম কৰা দীপালীয়ে পূৰ্বে পুত্ৰ নিৰুদ্দেশ হোৱাৰ ভাও ধৰি আৰক্ষীত এজাহাৰ দাখিল কৰিছিল। অৱশ্যে জেৰাৰ অন্তত সকলো তথ্য পোহৰলৈ আহে। ৰক্ষীয়ে শিশুটিৰ মাতৃ দীপালী ৰাজবংশী আৰু তেওঁৰ সংগী জ্যোতিময় হালৈক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, দুমাহ পূৰ্বে স্বামী বিকাশ বৰ্মনৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আৱেদন দাখিল কৰিছিল দীপালীয়ে। ইফালে দীপালীৰ পৰকীয়া প্ৰেমিক জ্যোতিময় হালৈ একাউণ্টেণ্ট জেনেৰেলৰ (এজি) কাৰ্যালয়ৰ অস্থায়ী পিয়ন।