জিৰোলৈ ঘৰলৈ অনা হ'ল শ্বহীদ তাগে হাইলিয়াঙৰ নশ্বৰদেহ

গভীৰ শোক আৰু দুখৰ মুহূৰ্তত ভাৰতীয় বায়ুসেনাৰ কৰ্পৰেল তাগে হাইলিয়াঙৰ মৰ্ত্যৰ মৃতদেহ আজি পুৱা জিৰ’লৈ ঘৰলৈ অনা হয় । শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তেওঁৰ

author-image
Asomiya Pratidin
New Update
জিৰোলৈ ঘৰলৈ অনা হ'ল শ্বহীদ তাগে হাইলিয়াঙৰ নশ্বৰদেহ

ডিজিটেল সংবাদ, জিৰো : গভীৰ শোক আৰু দুখৰ মুহূৰ্তত ভাৰতীয় বায়ুসেনাৰ কৰ্পৰেল তাগে হাইলিয়াঙৰ মৰ্ত্যৰ মৃতদেহ আজি পুৱা জিৰ’লৈ ঘৰলৈ অনা হয় । শেহতীয়াকৈ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত তেওঁৰ কৰুণ মৃত্যু হৈছিল।

Advertisment

জিৰোলৈ ঘৰলৈ অনা হ'ল শ্বহীদ তাগে হাইলিয়াঙৰ নশ্বৰদেহ

জিৰ'ৰ হাপোলিৰ চেক গেটত এক গম্ভীৰ আৰু হৃদয় বিদাৰক অভ্যৰ্থনা অনুষ্ঠিত হয়। য’ত জিৰোৰ বিধায়ক, জিৰোৰ উপ আয়ুক্ত,আৰক্ষী অধীক্ষক, স্থানীয় বিভিন্ন সংগঠন আৰু অন্যান্য বিষয়াসকলে মৃত নায়কজনৰ মৃত্যুত শোক প্ৰকাশ কৰে। 

জিৰোলৈ ঘৰলৈ অনা হ'ল শ্বহীদ তাগে হাইলিয়াঙৰ নশ্বৰদেহ

তাৰোপৰি মুখ্যমন্ত্ৰী পেমা খান্দুৱে শ্বহীদজনৰ ঘৰলৈ গৈ তেওঁৰ ছবিত পুষ্পাঞ্জলি তৰ্পণ কৰে। শ্বহীদ জনৰ মাক দেউতাক আৰু পৰিয়ালৰ লোকসকলক সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে, উপস্থিত সমাজে তাগে হাইলিয়াঙক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত পৰিৱেশটো আৱেগেৰে গধুৰ হৈ পৰিছিল।

arunachal govt