ডিজিটেল সংবাদ মৰিয়নিঃ মৰিয়নি আঞ্চলিক বন বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত জাজী নদীৰ হাতীমূৰীয়াত অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগে আজি অভিযান চলাই এটা বালি খনন কৰা এটা মেচিন জদ্ধ কৰে।
জানিব পৰা মতে চেলেংহাটৰ জাজী নদীৰ হাতীমূৰীয়াত একাংশ বালি মাফিয়াই যধে মধে বালি খনন কৰাত অঞ্চলটোত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হোৱাৰ লগতে বালি সৰবৰাহত ব্যৱহৃত ডাম্পাৰৰ বাবে বাট পথ বিধ্বস্ত হৈ পৰিছে।
ইফালে মৰঙিয়াল খণ্ড বন বিষয়াগৰাকীৰ নেতৃত্বত আজি বন বিভাগৰ দলে আকস্মিকভাবে অভিযান চলাই বালি খনন কৰা এটা মেচিন জদ্ধ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে বিগত দিনকেইটাত বন বিভাগে অভিযান চলাই বালি খনন কৰা বহুকেইটা মেচিন জদ্ধ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us