/asomiyapratidin/media/media_files/2025/03/18/su8PXQqfPhQ9pwbvenVc.png)
ডিজিটেল সংবাদ, মৰিগাওঁঃ মৰিগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৰিগাঁও হাই প্ৰফাইল অপহৰণ কাণ্ডৰ অপহৃত আৰু অপহৰণকাৰী। আইন শৃংখলাৰ IGP আখিলেশ সিং মৰিগাঁও সদৰ থানাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰিলে এই তথ্য। বৰ্তমান মৰিগাঁও সদৰ থানালৈ অনাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।
মৰিগাঁৱৰ পৰা অপহৰণ কাণ্ডৰ মূল অভিযুক্ত আৰমান ৰহমানক সৰুপথাৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ কিশোৰীগৰাকীৰ সৈতে সৰুপথাৰৰ ১ নং পদুমনিৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ যোচেফ কেৰ্কেটা নামৰ এজনৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
ধৃত আৰমান ৰহমানৰ বৰমাকৰ ঘৰ সৰুপথাৰৰ নাহৰণিত ৷ সেইসুত্ৰে যোৱা ১৫ তাৰিখে সৰুপথাৰলৈ আহি আত্মগোপন কৰিছিল ৷ জানিব পৰা মতে, ধৃত আৰমান আত্মগোপন কৰি থকা যোচেফ কেৰ্কেটাই পূৰ্বতে আৰমানৰ মৰিগাঁওস্থিত বাসগৃহত কাম কৰিছিল ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us