/asomiyapratidin/media/media_files/2025/02/07/9czN0HW6A66kaDemJtrj.jpg)
মায়ং
ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ এখন অৰ্ধ নিৰ্মিত দলঙে জ্বলাকলা খুৱাইছে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজক।দীৰ্ঘদিনীয়া দাবীৰ অন্তত ২০১৯-২০ বৰ্ষতে মায়ঙৰ পাভকাতি পঞ্চায়তৰ তেতেলিগুৰিত পকৰীয়া নৈ ৰ ওপৰত এখন পকী দলং নিৰ্মাণ ৰ বাবে ধন আৱন্টন হয়।পিছে দুৰ্ভাগ্যজনক কথাটো হল,আজি পৰ্যন্ত দলং খনৰ খুটি কেইটাই সম্পূৰ্ণ হৈ নুঠিল।
২০২২ চনৰ পৰা কাম আৰম্ভ কৰে গুৱাহাটীৰ এজন দাগী বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠানে।ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে এটা বছৰ কামেই কৰিব নোৱাৰিলে।বৰ্তমান খহনীয়াৰ প্ৰকোপ তেতেলিগুৰিত কমিছে যদিও স্থায়ী প্ৰতিৰোধৰ প্ৰয়োজন আছে।
এমাহ পূৰ্বে পুনৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ শ্ৰমিক দহ বাৰ জন আহি কামত হাত দিছিল। ৰাইজে ভাবিছিল দলং খন শীঘ্ৰেই নিৰ্মাণ হৈ উঠিব আৰু যুগ যুগ ধৰি নাৱেৰে যাতায়ত কৰা সমস্যাৰ অন্ত পৰিব।অৱশ্যে এসপ্তাহ পূৰ্বে হঠাত উধাও হৈ পৰে শ্ৰমিক সকল।যাৰ ফলত আকৌ ৰাইজ বিপাঙত পৰে। বান গৰাখহনীয়াত আক্ৰান্ত অঞ্চলটোৰ ৰাইজৰ দুৰ্যোগ আতৰি নগল।
আশা আজিও পুৰণ নহল।শিক্ষক,স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে আজিও জীয়াতু ভুগি থাকিব লগা হৈছে ।যি খন দলঙৰ নিৰ্মাণ কাৰ্যক লৈ বিধান সভাৰ মজিয়াত খোদ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰিছিল। তাৰ পিছতো গা লৰা নাই নিৰ্মাণ কাৰী প্ৰতিষ্ঠান টোৰ।
এতিয়া ৰাইজে পকৰীয়া নৈৰ পাৰত আহি দলং নিৰ্মাণ কৰি থকা ঠাইত প্ৰতিবাদ কৰিব লগা হৈছে।পুৰনি ঠিকাদাৰ জনক বাতিল কৰি নতুন ঠিকাদাৰক দলং খনৰ নিৰ্মাণ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰাৰ দাবী উত্থাপন কৰিছে।