/asomiyapratidin/media/media_files/2025/02/26/cK5hT5hFTRsPpwqIpF7c.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাঁও জিলাৰ পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালৰ সহকাৰী শিক্ষক পংকজ গোস্বামীৰ বিগত বৰ্ষৰ ১ নৱেম্বৰত অকাল বিয়োগ ঘটিছিল। আদৰ্শবান শিক্ষকগৰাকীৰ মৃত্যুৰ পাছত তিনিটা কণমানি পুত্ৰ সন্তানৰ দায়ীত্ব তেওঁৰ পত্নী ভাৰতী গোস্বামীৰ ওপৰত পৰে।
ভাৰতী গোস্বামীয়ে অকলেই স্বামীৰ পেঞ্চনৰ প্ৰয়োজনীয় নথি পত্ৰ সমূহ সংগ্ৰহ কৰি বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত জমা দিয়ে। বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰুৱা, কাৰ্য্যালয়ৰ বিষয়া আৰু সহকৰ্মী সকলৰ সহৃদয়তা আৰু তৎপৰতাত পেঞ্চনৰ কাগজ প্ৰয়োজনীয় নথি সহ মৰিগাওঁ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়লৈ প্ৰেৰণ কৰা হয়।
কিন্ত মৰিগাওঁ জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্য্যালয় সুত্ৰৰ পৰা জনাইছিল, অসম বিধান সভাৰ বাজেট অধিৱেশন আৰু এডভাণ্টেজ আছাম 2.0 কাৰ্যসূচী চলি থকা হেতুকে পেঞ্চনৰ কাম নহ'ব। বাজেট অধিৱেশন শেষ হোৱালৈ অপেক্ষা কৰিব লাগিব। এই খবৰ পোৱাৰ লগে লগে প্ৰয়াত গোস্বামীৰ পৰিয়ালত সৰগ খহি পৰা অৱস্থা হয়। কিয়নো ইতিমধ্যেই ভাৰতী গোস্বামীয়ে আত্মীয়ৰ পৰা ধাৰ লৈ পৰিয়াল চলোৱাৰ ওপৰিও পংকজ গোস্বামীয়ে বেংকৰ পৰা লৈ থোৱা ধাৰৰ কিস্তি পৰিশোধ কৰি পৰিয়ালটি ভগি পৰিছিল।
এই গোটেই বিষয়টো পৰিয়ালৰ তৰফৰ পৰা বিদ্যালয়ৰ অধ্যক্ষ আৰু মৰিগাওঁ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক অপুৰ্ব ঠাকুৰীয়াক অৱগত কৰাৰ লগে লগে পৰিদৰ্শক গৰাকীয়ে তৎপৰতাৰে চাৰি দিনৰ ভিতৰতে পেঞ্চনৰ কামখিনি সম্পূৰ্ণ কৰি আজি অধ্যক্ষ দিলীপ বৰুৱাৰ সন্মুখত তেওৰ নিজ কাৰ্য্যালয় কক্ষত পেঞ্চনৰ অনুমোদনৰ পত্ৰ ভাৰতী গোস্বামীৰ হাতত আনুষ্ঠানিক ভাৱে অৰ্পণ কৰে।
বিদ্যালয় পৰিদৰ্শকৰ তৎপৰতা আৰু বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰুৱাৰ সহায়ৰ বাবে সাংবাদিকৰ আগত পৰিয়ালটিয়ে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকী শিক্ষা বিষয়াৰ মহানুভৱতাক বটদ্ৰৱা অঞ্চলৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us