/asomiyapratidin/media/media_files/2025/08/06/uujj-2025-08-06-09-44-01.jpg)
ডিজিটেল সংবাদ মায়ংঃ মৰিগাঁও জিলাৰ লাহৰীঘাট সম জিলাৰ অধীনস্থ কেবাখনো গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হোৱা ৱাৰ্ড সদস্য সদস্যাৰ বিৰুদ্ধে নিতৌ ন ন অভিযোগ আহি আছে।কেইদিনমান আগত পঞ্চায়তৰ চাৰিজন ৱাৰ্ড সদস্য সদস্যা ভুৱা প্ৰমাণ পত্ৰ দাখিল,আৰু বাল্য বিবাহৰ অভিযোগত সদস্য পদ হেৰুৱাব লগা হৈছিল।
এইবাৰ পোহৰলৈ আহিছে গাগলমাৰী পঞ্চায়তৰ এজন ৱাৰ্ড সদস্যই বাল্য বিবাহৰ দৰে অপৰাধ সংঘটিত কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ গুৰুতৰ অভিযোগ। নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে নেকিবুৰৰ বিৰুদ্ধে।
তেওঁৰ পত্নী জেচমিন বেগমৰ বৰ্তমান বয়স ২৮ বছৰ।জেচমিন আৰু নেকিবুৰৰ পুত্ৰ সন্তানৰ বৰ্তমান বয়স ১৩ বছৰ। তাৰমানে জেচমিন বেগম বিবাহ পাশত আৱদ্ধ হৈছিল ১৫ বছৰ বয়সত। এইখন হ'ল জেচমিনৰ জন্মৰ জন্মৰ প্ৰমাণ পত্ৰ।1-1-96 জন্মৰ তাৰিখ। পুত্ৰ জন্ম হৈছিল 18-11-2012 চনত।
এইদৰেই ভুৱা এফিডেফিট জমা দি নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈ আহিছে নেকিবুৰ। নেকিবুৰ ৰ সমৰ্থন লৈ যি গৰাকী সভাপতিৰ নেতৃত্বত সমিতি গঠন হৈছে তাকো অবৈধ সমিতি বুলি কব বিচাৰিছে এই সকল লোকে।
বাল্য বিবাহত জৰিত থকাৰ অভিযোগ তুলি এই সকল লোকে মৰিগাঁও জিলাৰ আয়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।এই পৰ্যন্ত কোনো ফলাফল ওলোৱা নাই যদিও নেকিবুৰক গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন হৈছে।