১৪ আৰু ১৫ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস...

১৪ আৰু ১৫ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস...

author-image
Asomiya Pratidin
New Update
১৪ আৰু ১৫ অক্টোবৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস...

FILE PHOTO

ডিজিটেল সংবাদ, জাগীৰোডঃ ''জিলিকাব লুইতৰে পাৰ'' শীৰ্ষক বিষয়বস্তু লৈ পুনৰ এবাৰ ব্যাপক উৎসাহ উদ্দীপনাৰে জিলা দিৱস উদযাপনৰ বাবে সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন। মৰিগাঁও জিলাবাসীৰ সহযোগত জিলা প্ৰশাসনৰ উদ্যোগত জিলা গঠনৰ দিনটো স্মৰণীয় কৰি ১৪ আৰু ১৫ অক্টোবৰত মৰিগাঁও দিৱস উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত আছে। এইবাৰ মৰিগাঁও দিৱসত কৃষি আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰ, উদ্যান শস্য, কলা-সংস্কৃতি আৰু আৰ্থ-সামাজিক প্ৰতিটো দিশ সামৰি লৈ বিকাশৰ এক নতুন ধাৰাৰে জিলাখনক আগবঢ়াই লৈ যোৱাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে।

Advertisment

গৱেষণামূলক কৰ্মপন্থা আৰু প্ৰতিগৰাকী নাগৰিকৰ ঐক্যবদ্ধ প্ৰয়াসেৰে জিলাখনৰ সম্ভাৱনাসমূহক উলিয়াই অনাৰ বাবে কাম কৰি যোৱাৰ মহৎ উদ্দেশ্য আগত ৰাখি জিলা প্ৰশাসনে মৰিগাঁও জিলা দিৱসৰ সৈতে সংগতি ৰাখি ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। ডঃ ভূপেন হাজৰিকাৰ কণ্ঠত প্ৰাণ পাই উঠা নদী সভ্যতাৰে জীৱন আৰু জীৱিকাক আলম লৈ গঢ়ি উঠা অসম মাতৃৰ সপোনক জিলিকাই তোলাৰ স্বপ্নকে সৰোগত কৰি এইবাৰ মৰিগাঁও জিলা দিৱসৰ মূল বিষয়বস্তু লোৱা হৈছে "জিলিকাব লুইতৰে পাৰ"।

এইবাৰ কাৰ্যসূচী অনুসৰি ১৪ অক্টোবৰৰ পুৱা ৯ বজাত মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ পৰা ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামলৈ এটা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। দিনৰ ১২ বজাত পতাকা উত্তোলন আৰু আলোচনাচক্ৰ। বিষয়- অৰ্থনৈতিক পৰিৱৰ্তনৰ বাবে মৰিগাঁও জিলাৰ বিভিন্ন সম্ভাৱনা। বিয়লি ৩ বজাত চাৰণ বিলৰ পাৰত মহিলা কবি সন্মিলন আৰু সন্ধিয়া ৭ বজাত জনপ্ৰিয় বলিউড অভিনেতা ৰাকেশ বেদীৰ হাস্য ব্যংগ একাংকিকা নাট 'মাছাজ'। ১৫ অক্টোবৰৰ পুৱা ১১ বজাত "অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মৰিগাঁও জিলাৰ সম্ভাৱনা" শীৰ্ষক বিষয় লৈ যুৱ সমাৰোহৰ আয়োজন কৰা হৈছে।

বিয়লি ৩ বজাত বৰঙাবাৰীৰ মতিৰাম বৰা স্কুল খেলপথাৰত মহিলাৰ প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ'ব। সন্ধিয়া ৭ বজাত ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত সাংস্কৃতিক সন্ধিয়া আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ গীতৰ শৰাই। ইয়াৰ উপৰি মৰিগাঁও জিলাৰ বিদ্যালয়সমূহত "মৰিগাঁও জিলা উৎসৱে জিলিকাব লুইতৰে পাৰ" শীৰ্ষক প্রাইজমানি কুইজ প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিটো ৰাজহ চক্ৰতো বিভিন্ন অনুষ্ঠানেৰে জিলা দিৱস উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। মৰিগাঁও জিলা প্ৰশাসনে সমূহ ৰাইজৰ আশীষ আৰু সক্ৰিয় অংশগ্ৰহন একান্তভাৱে কামনা কৰিছে।

উল্লেখ্য যে ১৯৮৯ চনৰ ১৯ ছেপ্টেম্বৰত মৰিগাঁও জিলাই নগাঁও জিলাৰ পৰা পৃথক হৈ এখন সুকীয়া জিলাৰ মৰ্যাদা লাভ কৰিছিল। সেই বছৰৰে ১৪ অক্টোবৰত মৰিগাঁও জিলাৰ প্ৰথমগৰাকী উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল নিলীময় চৌধুৰীয়ে।

পবিতৰা অভয়াৰণ্য, জোনবিল মেলা, চাৰণ বিল, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আহতগুৰি, জাগীৰোডৰ শুকান মাছৰ বজাৰ, গোভা ৰজা আৰু ৰাজপৰিয়ালৰ ঐতিহ্য, দেওশাল শিৱ মন্দিৰ, শিলচাঙৰ খলা ৰজাৰ কীৰ্তিচিহ্ন, সীতাজখলা পৰ্যটন ক্ষেত্ৰ, বহাৰ গণেশ মন্দিৰ, চনকা পৰ্যটন ক্ষেত্ৰ, পশ্চিম মায়ঙৰ শিলালিপি, মায়ঙৰ যাদুবিদ্যা আদি স্বকীয় বৈশিষ্ট্যৰে মৰিগাঁও জিলাই ৰাজ্যখনৰ ভিতৰতে এক সুকীয়া স্থান অধিকাৰ কৰি আছে। যোৱা কেইটামান বছৰত জিলাখনে শিল্প, বাণিজ্য, ঔদ্যোগিক, শৈক্ষিক, আৰ্থ-সামাজিক আৰু প্ৰতিটো ক্ষেত্ৰতে বিকাশৰ এক সোণোৱালী যাত্ৰাৰে অগ্ৰসৰ হৈছে।

মৰিগাঁও জিলা