মৰিগাঁৱত অঘটন ! ছাত্ৰীক শাৰীৰিক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল শিক্ষক

বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। অভিযোগ উত্থাপন হোৱাৰ পাছত বিদ্যালয়খনৰ ভিতৰতে শনিবাৰে একাংশ ক্ষুব্ধ অভিভাৱক আৰু গাঁৱৰ ৰাইজে মাৰপিট কৰে।

author-image
Asomiya Pratidin
New Update
szdty

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও জিলাৰ অন্তৰ্গত বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জুৱাহিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপিত হৈছে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। এই অভিযোগ উত্থাপন হোৱাৰ পাছত বিদ্যালয়খনৰ ভিতৰতে শনিবাৰে একাংশ ক্ষুব্ধ অভিভাৱক আৰু গাঁৱৰ ৰাইজে মাৰপিট কৰে।

Advertisment

ৰাইজে উত্থাপন কৰা অভিযোগৰ ভিত্তিত লম্পট শিক্ষকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সম্প্ৰতি জে’ললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । এই লম্পট প্ৰকৃতিৰ শিক্ষকজন হৈছে- বৰচকাবাহা প্ৰাথমিক বিদ্যালয়ৰ ৫৫ বছৰীয়া জুৱাহিৰ হুছেইন। কেৱল ইমানেই নহয়, শিক্ষক হুছেইনে ছাত্ৰ- ছাত্ৰীসকলৰ গোপন স্থান স্পৰ্শ কৰাৰ উপৰি ছাত্ৰীৰ বস্ত্ৰ দাঙি গোপন অংশ প্ৰত্যক্ষ কৰে বুলি একাংশই জানিবলৈ দিয়ে।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে অভিযোগৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে তদন্ত কৰাৰ পিছত জালুগুটি আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে শিক্ষকজনক। শিক্ষকজনৰ বিৰুদ্ধে ১৬৭/২০২৪ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Assam police morigaon crime teacher student morigaon police