কুজিসত্ৰৰ গায়ন, আদৰ্শবান কৃষক ৰূপৰাম বৰুৱাৰ বিয়োগ

মৰিগাঁও জিলাৰ কুজিসত্ৰ নিৱাসী গায়ন, আদৰ্শবান কৃষক ৰূপৰাম বৰুৱাৰ দেওবাৰে নিজ বাসগৃহত বিয়োগ ঘটে। ৬৫ বছৰীয়া ৰূপৰাম বৰুৱা বিগত এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত আছিল।

author-image
Asomiya Pratidin
New Update
dgdgg

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মৰিগাঁও জিলাৰ কুজিসত্ৰ নিৱাসী গায়ন, আদৰ্শবান কৃষক ৰূপৰাম বৰুৱাৰ দেওবাৰে নিজ বাসগৃহত বিয়োগ ঘটে। ৬৫ বছৰীয়া ৰূপৰাম বৰুৱা বিগত এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মুম্বাই, গুৱাহাটী আদি বিভিন্ন ঠাইত চিকিৎসা গ্ৰহণ কৰি আছিল। বুবাইদা বুলি অঞ্চলৰ সকলোৰে শ্ৰদ্ধা আৰু মৰমৰ ৰূপৰাম বৰুৱা এগৰাকী আদৰ্শবান কৃষক, গোপালক হোৱাৰ উপৰিও সত্ৰৰ গায়ন, ভাৱৰীয়া আৰু অসমীয়া চিৰ সেউজ গীতৰ নীৰৱ সাধক আছিল।

Advertisment

ৰসিক, সৰবৰহী, মৰমীয়াল শিল্পী ৰূপৰাম বৰুৱাৰ বিয়োগত কুজিসত্ৰৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ লগতে বটদ্ৰৱা বহুজনে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ বিনয় বৰুৱা, দুগৰাকী জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

কুজিসত্ৰ