মৰিগাঁৱৰ ধাৰাবাহিক চুৰিকাণ্ডৰ মাষ্টাৰ মাইণ্ড গভাইত চোৰ তপন শৰ্মাক গ্ৰেপ্তাৰ

ইতিমধ্যে তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ অন্তত কালি নিশা অভিযান চলাই মৰিগাঁও চহৰৰ সমীপৰ বাছনাঘাটৰ তপন শৰ্মা নামৰ গভাইত চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
Zz

ডিজিটেল সংবাদ,মৰিগাঁওঃ  মৰিগাঁৱত যোৱা এমাহ ধৰি চুৰি কাণ্ডৰে সন্ত্ৰাস চলাই অহা চুৰি চক্ৰটোৰ মাষ্টাৰ মাইণ্ড বুলি আৰক্ষীয়ে দাবী কৰা তপন শৰ্মা নামৰ গভাইত চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ইতিমধ্যে তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ অন্তত কালি নিশা অভিযান চলাই মৰিগাঁও চহৰৰ সমীপৰ বাছনাঘাটৰ তপন শৰ্মা নামৰ গভাইত চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

Advertisment

আনহাতে অভিযানকাৰী আৰক্ষীয়ে চোৰৰ চক্ৰটোৰ পৰা ১৩টা মোবাইল ফোন, ৩ দাল সোণৰ চেইন,৩ জোৰা সোণৰ কাণফুলি,৩ টা ধাতুৰ বাটি,এজোৰ খাৰু,বেল মেটেল ধূপদানি আৰু চাকি আৰু ৩ টা হেলমেটকে ধৰি ভালেমান চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

সোমবাৰে গ্ৰেপ্তাৰ কৰা তপন শৰ্মা নামৰ গভাইত চোৰটো ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা লক্ষ্যজ্যোতি শৰ্মা নামৰ গভাইত চোৰটোৰ সহোদৰ ভাতৃ বুলি জানিব পৰা গৈছে। ইতিমধ্যে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চোৰৰ জিন্মাৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী সমূহ প্ৰকৃত গৰাকীক ঘুৰাই দিয়া হ'ব বুলি মৰিগাঁও জিলা আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।

মৰিগাঁও