/asomiyapratidin/media/media_files/2025/02/28/dJ2iunJauYfCagzKziAk.png)
web jgfj
ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও ন্যায়িক আদালতে হত্যাৰ অপৰাধত এগৰাকী মহিলাক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। উল্লেখ্য যে পথৰ ওপৰতে দেগাৰেৰে হানি- খুচি এজন লোকক হত্যা কৰাৰ অপৰাধত মৰিগাঁও ন্যায়িক আদালতে মহিলাগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।
উক্ত ঘটনাৰে অভিযুক্ত মহিলাগৰাকী হৈছে মিকিৰভেটা আৰক্ষী চকীৰ অন্তৰ্গত কলমৌবাৰি নামাবস্তিৰ হাজেৰা খাতুন। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০১৩ চনৰ ১৯ জুনৰ সন্ধিয়া কলমৌবাৰি নামাবস্তিত পথৰ ওপৰতে দেগাৰে হানি খুচি হত্যা কৰিছিল মুছলিম উদ্দিন নামৰ ব্যক্তিজনক। ইয়াৰ পিছতেই মিকিৰভেটা আৰক্ষী চকীত ৰুজু কৰা হৈছিল ১২৫/২০১৩ নম্বৰ এটা গোচৰ।
ৰুজু হোৱা গোচৰৰ ভিত্তিতে বিচাৰ চলাই মৰিগাঁও ন্যায়িক আদালতে ভাৰতীয় দণ্ডবিধি ৩৪১/৩০২/৩৪ ৰ অধীনত মহিলাগৰাকীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।