মৰিগাঁৱত চাইবাৰ অপৰাধৰে জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ

জিলাখনৰ অন্তৰ্গত লাহৰিঘাটত চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। মুম্বাই আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত চাইবাৰ অপৰাধৰে জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
x

ডিজিটেল সংবাদ,মৰিগাঁওঃ ৰাজ্যত প্ৰতিদিনে বিভিন্ন চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈ আহিছে । চাইবাৰ অপৰাধীৰ চিকাৰ হৈছে হাজাৰ হাজাৰ লোক। প্ৰতিখন থানাতে নিতৌ চাইবাৰ অপৰাধ সম্পৰ্কীয় গোচৰ ৰুজু হৈছে। ইয়াৰ মাজতে মৰিগাঁও জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা।

Advertisment

নিশা জিলাখনৰ অন্তৰ্গত লাহৰিঘাটত চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। মুম্বাই আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত চাইবাৰ অপৰাধৰে জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।অভিযানৰ সময়ত চিলিঙৰ ওপৰত লুকাই আছিল অভিযুক্ত কেইজন।

চাইবাৰ অপৰাধ