/asomiyapratidin/media/media_files/2025/06/18/187-2025-06-18-19-45-57.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও : অপৰাধীক শাস্তি বিহাৰ ক্ষেত্ৰত মৰিগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। ইতিমধ্যে চলিত বৰ্ষৰ মে'লৈকে মৰিগাঁও আৰক্ষীৰ অপৰাধীৰ কনভিকচনৰ হাৰ ৩৯ শতাংশ পূৰ্ণ হৈছে। এই সময়তে বুধবাৰে মৰিগাঁও আদালতে প্ৰদান কৰে দুটাকৈ গুৰুত্বপূৰ্ণ ৰায়দান।
উল্লেখ্য যে, ২০২৩ বৰ্ষত মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত হাবিবৰঙাবাৰী গাঁৱৰ দিপু নাথ নামৰ লোকজনে নিজৰ পত্নীক অতি বৰ্বৰভাৱে হত্যা কৰিছিল। উক্ত গোচৰত মৰিগাঁও জিলা ও সত্ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহে অপৰাধী নাথক।
আনহাতে মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা দুধৰ্ষ অপৰাধী জিয়াৰুল ইছলামক মৰিগাঁও POCSO বিশেষ আদালতে ২০ বছৰ কাৰাদণ্ড বিহাৰ লগতে কাৰাগাৰৰ পৰা পলায়ন কৰাৰ অপৰাধত অতিৰিক্ত ৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহে। বিশেষকৈ জিয়াৰুল ইছলামক মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰাৰ সময়ত সহায় কৰাৰ অপৰাধত জিয়াৰুল ইছলামৰ বায়েক হাছিনা বেগমকো ৫ বছৰ সশ্ৰম কাৰাদণ্ড বিহে।