মৰিগাঁৱত সংবাদ কৰ্মীক মাৰপিট কংগ্ৰেছী পালী নেতাৰ

মৰিগাঁও অসামৰিক চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসকে দায়িত্বৰ সময়ত চিকিৎসালয়ত উপস্থিত নাথাকি এখন ব্যক্তিগত ফাৰ্মাচী তথা লেব'ৰটৰীত বহি আছিল। এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল দুজন সংবাদ কৰ্মীয়ে।

author-image
Asomiya Pratidin
New Update
fgffgfg

ডিজিটেল সংবাদ,মৰিগাঁওঃ  মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত তাণ্ডৱ চলাই কংগ্ৰেছৰ পালী নেতাই। সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ কৰ্মীক বেয়াকৈ মাৰপিট কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ কংগ্ৰেছী নেতা ইজাজ আহমেদে।

Advertisment

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মৰিগাঁও অসামৰিক চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসকে দায়িত্বৰ সময়ত চিকিৎসালয়ত উপস্থিত নাথাকি এখন ব্যক্তিগত ফাৰ্মাচী তথা লেব'ৰটৰীত বহি আছিল। এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল দুজন সংবাদ কৰ্মীয়ে।

প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে লেব'ৰটৰীটোৰ স্বত্বাধিকাৰী তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ জিলা কংগ্ৰেছৰ নেতা ইজাজ আহমেদৰ নেতৃত্বত অন্য তিনিজন যুৱকে ডিজিটেল সংবাদ কৰ্মী ৰমজান আলি আৰু চিৰাজুদ্দিন আহমেদক শাৰীৰিক ভাবে আক্ৰমণ কৰে।

এই ঘটনাৰ কিছু অংশ ইতিমধ্যে কেমেৰাত আবদ্ধ হৈছে। ইয়াৰ পিছতেই দুয়োজন সংবাদ কৰ্মীয়ে মৰিগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। দোষ জাৰে নাথাকক দিন দুপৰত ব্যস্ত চহৰত ইজাজ আহমেদ নামৰ কংগ্ৰেছী নেতা জনে এই গুণ্ডামি কৰিবলৈ কেনেকৈ পালে বুলি সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। 

মৰিগাওঁ