/asomiyapratidin/media/media_files/2025/05/28/JM7laDmv0OA3LvloR2FJ.jpg)
মৰিগাঁও মহাবিদ্যালয়ক স্বায়ত্ব শাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি
ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁও জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান মৰিগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্ত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যুটীয়া সচিব (অট’নমাচ কলেজ) ড০ আৰ মনোজ কুমাৰে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰা (No. F. 2-10/2023 (AC–Policy) নং এক পত্ৰযোগে মৰিগাঁও মহাবিদ্যালয়ক স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ মৰ্যাদা প্ৰদানৰ এটা ই-মেইল প্ৰেৰণ কৰে।
উক্ত শুভ সংবাদে সমগ্ৰ মৰিগাঁও জিলাৰ শৈক্ষিক আৰু বৌদ্ধিক উত্তৰণৰ আশা কঢ়িয়াই আনিছে। উল্লেখ্য যে ১৯৬৪ চনত প্ৰতিষ্ঠা লাভ কৰা এই মহাবিদ্যালয়খনে ইতিমধ্যে হীৰক জয়ন্তী উৎসৱ সফলতাৰে উদযাপন কৰিছে।
মহাবিদ্যালয়খনত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ১৯ টাকৈ বিষয়ৰ উপৰি কেবাটাও বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰৱৰ্তন হৈ আছে। আজিৰ এই শুভ ক্ষণত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰে অতি আনন্দেৰে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, স্থানীয় বিধায়ক, বিশ্ববিদ্যালয় অনুদান আয়োগ, মহাবিদ্যালয় কৰ্ত্তৃপক্ষ, সমূহ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীবৃন্দ আৰু মৰিগাঁওবাসী ৰাইজক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
উক্ত শুভ সংবাদ প্ৰস্তুতিৰ লগে লগে মৰিগাঁও মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গই মিঠাই বিতৰণেৰে অসীম আনন্দ-উল্লাস প্ৰকাশ কৰে।