/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f7936f89-57c1-4452-ab2a-866d8cefd986/morigaon_21.jpg)
morigaon civil hospital
ডিজিটেল সংবাদ মৰিগাওঁঃ আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল। এই কথাষাৰি প্ৰযোজ্য হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অভিভাৱক হৈ থকা মৰিগাঁও জিলাৰ একমাত্ৰ চিকিৎসালয়ৰ সৈতে। যি সময়ত অতি জাকজমকতাৰে মৰিগাওঁ দিৱস উদযাপন কৰা হৈছে, সেই সময়তে মৰিগাওঁ জিলাৰ একমাত্ৰ চিকিৎসালয়খনৰ দুৰৱস্থাই সাধাৰণ জনতাক চৰম দুৰ্ভোগৰ সন্মুখীন কৰিছে।
কাৰণ মৰিগাঁও জিলাৰ একমাত্ৰ জিলা চিকিৎসালয়খনত এতিয়া নাই কোনো প্ৰয়োজনীয় ঔষধ। সাধাৰণ বিষ, গেছ, ডায়েৰীয়া, নাৰ্ভৰ ৰোগ, প্ৰেচাব জনিত ৰোগ আদিৰ ঔষধৰ তথা বেজী দিয়া চিৰিঞ্জ, চেলাইনৰ পাইপ এডালো বিচাৰি পাবলৈ নাই মৰিগাঁও অসামৰিক চিকিৎসালয়খনত।
বিগত তিনি মাহৰ পৰা এই অতি প্ৰয়োজনীয় ঔষধসমূহ নোহোৱাত প্ৰত্যেক দিনে বিপদত পৰিছে ৰোগীসমূহ। বিশেষকৈ নিশাৰ ভাগত চিকিৎসালয়ৰ সন্মুখত থকা ফাৰ্মাচিসমূহ বন্ধ হোৱাৰ পিছত ঔষধ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় ৰোগীৰ পৰিয়ালসমূহে।
ইফালে নিশা হ'লেই প্ৰয়োজনীয় ঔষধৰ অভাৱৰ ফলত ৰোগীৰ আত্মীয়ই চিকিৎসালয়খনৰ কৰ্তব্যত থকা একাংশ নাৰ্ছৰ লগত ঔষধ বিচাৰি সঘনাই তৰ্কত লিপ্ত হোৱাৰ দৃশ্য এতিয়া তেনেই সহজলভ্য এই চিকিৎসালয়খনত। দিছপুৰৰ অতি কাষৰে এই জিলাখনৰ চিকিৎসালয়খনৰ এই দুৰৱস্থা দেখিও যেন নেদেখাৰ ভাও ধৰিছে সংশ্লিষ্ট মন্ত্ৰী, বিষয়াই। এনে পৰিস্থিতিত জিলাখনৰ সৰ্বসাধাৰণে এতিয়া চৰম দুৰ্ভোগত ভূগিবলগীয়া হৈছে।